আজি ১ জুলাই...দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

news18assam
Updated:July 1, 2019, 11:47 AM IST
আজি ১ জুলাই...দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
news18assam
Updated: July 1, 2019, 11:47 AM IST
১.আজিৰ পৰা হ্ৰাস পাব ৰাজসাহাৰ্য বিহীন চিলিণ্ডাৰৰ মূল্য।অইল ইণ্ডিয়া লিমিটেডৰ নতুন সিদ্ধান্ত অনুসৰি আজিৰ পৰা ঘৰুৱা ৰন্ধন গেছৰ ৰিলিফ চিলিণ্ডাৰৰ দাম ১০১.৫০ টকাকৈ হ্ৰাস পাইছে ।

২.সেইদৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ জুলাইৰ পৰা RTGS  আৰু NEFT ত লেনদনত কৰ  আঁতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

৩. আজি National Doctors' day। পশ্চিম বংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডা০ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে চিকিৎসকৰ দিৱস হিচাপে উৎযাপন কৰা হয়।

৪. SBI ৰ ৰেপ’ ৰেটতৰ ক্ষেত্ৰতো বেংকটোৱে জাৰি কৰিছে কিছু নতুন নিয়ম। হোম লোনৰ ক্ষেত্ৰত জাৰি কৰিছে এই নতুন নিৰ্দেশনা। এতিয়াৰ পৰা যেতিয়াই SBI –এ ৰেপ ৰেটত পৰিৱৰ্তন ঘটাব, তেতিয়াই পৰিৱৰ্তন হ’ব হোম লোনৰ সুতৰ হাৰ।

৫. ছুইজ বেংকত জমা কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে বিট্ৰেইন। চুইচ বেংকত জমা থকা ধনৰ তালিকাত ভাৰতৰ স্থান ৭৪ ।

৬. ছবিজগতত ২৭ বছৰ পূৰ কৰিলে  বলিউডৰ কিং খান খ্যাত অভিনেতা শ্বাহৰুখ খানে। বিভিন্নজনে ছচিয়েল মিডিয়াত জনালে শুভেচ্ছা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি