১ জুলাইৰ পৰা আপোনাৰ বেংক একাউণ্টৰ সৈতে জৰিত এইসমূহ নিয়ম সলনি, লোকচান নহ’বলৈ জানি থওক

News18 Assam | News18-Assam
Updated:June 24, 2020, 1:29 PM IST
১ জুলাইৰ পৰা আপোনাৰ বেংক একাউণ্টৰ সৈতে জৰিত এইসমূহ নিয়ম সলনি, লোকচান নহ’বলৈ জানি থওক
ফাইল ফটো

আপোনাৰ সৰু ভুল এটাৰ পৰাও আপোনাৰ যথেষ্ট লোকচান হ’ব পাৰে। 

  • Share this:
নতুন দিল্লীঃ ১জুলাইৰ পৰা বেংকিঙৰ বহুত নিয়ম সলনি হ’বলৈ গৈ আছে আৰু এইসমূহ নাজানিলে আপোনাৰ যথেষ্ট লোকচান হ’ব পাৰে। ১জুলাইৰ পৰা এটিএমৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি হ’বলৈ গৈ আছে। একেধৰণে Loan Moretorium,  ছেভিংছ একাউণ্টত Minimum Balanceৰ সীমা সলনি কৰাৰ দৰে দিশ অন্তৰ্ভুক্ত হ’বলৈ গৈ আছে। এতিয়া ৩০জুনৰ পিছত বেংকৰ এই সকলো নিয়ম সলনি হ’ব। এনেকুৱাত আপুনি জানিব লাগিব যে কি কি দিশ সলনি হ’বলৈ গৈ আছে কিয়নো আপোনাৰ এটা সৰু ভুলেও আপোনাৰ যথেষ্ট লোকচান কৰিব পাৰে।

PNB বেংকে ছেভিংছ একাউণ্টত লাভ কৰা সুতৰ হাৰ ০.৫০শতাংশ হ্ৰাস কৰিছে। ১জুলাইৰ পৰা বেংকৰ ছেভিংছ একাউণ্টত সৰ্বাধিক ৩.২৫শতাংশ বছৰি সুত লাভ কৰিব। পিএনবিৰ ছেভিংছ একাউণ্টত ৫০লাখ টকালৈকে বেলেন্সৰ ওপৰত ৩শতাংশ বছৰেকত আৰু ৫০লাখর ওপৰৰ বেলেন্সত ৩.২৫শতাংশ হাৰত সুত লাভ কৰিব।

১জুলাইৰ পৰা ATMৰ পৰা টকা উলিওৱা নিয়মৰ সলনি। চৰকাৰে তিনি মাহৰ কাৰণে যি এটিএম ট্ৰানজেকশ্যন ফীজ আঁতৰাই মানুহক কোৰোণা সংকটৰ সময়ত বৃহৎ সকাহ দিছিল তাৰ অৱধি ৩০জুনত সমাপ্ত হ’ব।

গড় নূন্যতম বেলেন্স ৰখাৰ ম্যাদ শেষ। প্ৰথম লকডাউনৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে যিকোনো বেংকৰ ছেভিংছ একাউণ্টত গড় নূন্যতম বেলেন্সৰ (Average Minimum Balance) বাধ্যবাধকতা নাথাকিব। এই আদেশ এপ্ৰিলৰ পৰা জুন মাহলৈ আছিল। এনেকুৱাত একাউণ্টত মিনিমাম বেলেন্স নৰখা লোকক কোনো ধৰণৰ জৰিমনা বিহিব নোৱাৰিব। কিন্তু এতিয়া ইয়াৰ ম্যাদ শেষ হ’বলৈ গৈ আছে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব।
First published: June 24, 2020, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading