உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Obesity problem : মেদবহুলতাৰ সমস্যাৰ বাবে চিন্তিন নেকি? এই Diet-Workout পালন কৰি হ্ৰাস কৰক ওজন

    Obesity problem : মেদবহুলতাৰ সমস্যাৰ বাবে চিন্তিন নেকি? এই Diet-Workout পালন কৰি হ্ৰাস কৰক ওজন

    আপুনি নিজকে ফিট আৰু উন্নত ৰাখিবলৈ আপোনাৰ আহাৰ আৰু ব্যায়াম দুয়োটাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে।

    আপুনি নিজকে ফিট আৰু উন্নত ৰাখিবলৈ আপোনাৰ আহাৰ আৰু ব্যায়াম দুয়োটাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে।

    আপুনি নিজকে ফিট আৰু উন্নত ৰাখিবলৈ আপোনাৰ আহাৰ আৰু ব্যায়াম দুয়োটাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে।

    • Share this:
    বৰ্তমান সময়ত বহুতো লোকে মেদবহুলতাৰ সমস্যা (Obesity problem)ত ভুগি আছে। তেওঁলোকৰ ভিতৰত এজন হৈছে ১৭ বছৰীয়া শ্বোনক সিদ্ধাৰ্থ সামন্ত (Shonak Siddharth Samant)। এসময়ত তেওঁৰ বৰ্ধিত ওজনৰ দ্বাৰা অতিশয় চিন্তিত আছিল। মেদবহুলতাৰ বাবে তেওঁৰ ওজন ১৩০ কিলোগ্ৰাম হৈছিল। অৱশ্যে, শ্বোনকে তাৰ পিছত তেওঁৰ নিয়মীয়া ৰুটিনত কেইবাটাও পৰিৱৰ্তন কৰিছিল। তেওঁৰ আহাৰত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিছিল। তেওঁ আনকি জাঙ্ক ফুড (Junk Food) খোৱাটো এৰি দিছিল।

    এনবিটিৰ এক প্ৰতিবেদন অনুসৰি শ্বোনকে কয়, "এই সময়টোৱে মোক এক উন্নত জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু মোৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, আৰু ভাল ফলাফল পাইছিলো। মই ডায়েটিং আৰু ৱৰ্কআউট (workout)ৰ ফলত ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছো," দৃঢ় সংকল্পৰ নিয়মীয়া পৰিৱৰ্তনৰ ফলস্বৰূপে ওজন হ্ৰাস কৰিবলৈ সক্ষম হোৱা শ্বোনকে এনেদৰে কয়।

    শ্বোনকে কয় যে বৰ্ধিত মেদবহুলতাৰ বাবে, তেওঁ তেওঁৰ শৰীৰত শক্তিৰ অভাৱ অনুভৱ কৰি আছিল। ওজন বৃদ্ধি হোৱাৰ বাবে বহুতো শাৰীৰিক সমস্যা বৃদ্ধি হোৱাৰ ভয় আছিল। তেওঁ তেওঁৰ আহাৰত কেইবাটাও পৰিৱৰ্তন কৰিছিল আৰু তেওঁৰ আহাৰত বহুতো পুষ্টি অন্তৰ্ভুক্ত কৰিছিল। শ্বোনকে কৈছে যে তেওঁ ৰাতি খোৱাটো বাদ দিছিল। তেওঁ আনকি ২০ ঘণ্টাৰ উপবাস ৰাখিছিল আৰু পানীৰ উপৰিও গ্ৰীণ টি (Green Tea) লৈছিল। তেওঁৰ ডায়েট আৰু ৱৰ্কআউটৰ বিষয়ে জানো আহক।

    ব্ৰেকফাষ্টত তেওঁ দুটা সিজোৱা কণী, আধা চিকেন ব্ৰেষ্ট (Chicken Breast) গ্ৰহণ কৰিছিল। লগতে লেগুম (Legume) বা দাইলৰ চালাড আৰু ৩০০ মিলি চ’য়া গাখীৰ অন্তৰ্ভুক্ত আছিল। তদুপৰি, তেওঁ দুপৰীয়াৰ আহাৰত দাইল বা পাচলিৰ সৈতে চয়া চাংকছ (Soy Chunks) বা গ্ৰিলড পনীৰ টিক্কা গ্ৰিল বা চিকেন ব্ৰেষ্ট গ্ৰহণ কৰিছিল। একেদৰে ৩০০ মিলি চয়া গাখীৰৰ সৈতে চালাড তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও, ব্যায়ামৰ আগৰ আহাৰত, তেওঁ কেৱল তিনি বাইট চেনী নোহোৱা ডাৰ্ক চকলেট লৈছিল। তেওঁ ব্যায়ামৰ পিছত মাত্ৰ দুই লিটাৰ পানী সেৱন কৰিছিল। তেওঁ তেওঁৰ আহাৰত কম কেলৰিৰ সামগ্ৰী অন্তৰ্ভুক্ত কৰিছিল। ইয়াত চয়া, মিক্স দাইল, ইডলি-চাম্ভৰ আৰু আচাৰি পনীৰ টিক্কা অন্তৰ্ভুক্ত কৰিছিল।

    দৈনিক খোজ কঢ়া শ্বোনকৰ নিয়মীয়া ৰুটিনত অন্তৰ্ভুক্ত আছিল। তেওঁ ৩০ মিনিটৰ ষ্ট্ৰেংথ ট্ৰেইনিং কৰে। ইয়াত তেওঁ যোগাসন, squash, plunk, push-up, ab crunch, breathing exercise কৰে। এনেদৰে, আপুনি নিজকে ফিট আৰু উন্নত ৰাখিবলৈ আপোনাৰ আহাৰ আৰু ব্যায়াম দুয়োটাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে। লগতে, সঠিক টোপনি অতি গুৰুত্বপূৰ্ণ। আপুনি নেতিবাচক চিন্তাৰ পৰা দূৰত থকাটোও প্ৰয়োজনীয়।
    Published by:Sanjay Kumar Das
    First published: