লটাৰীত লাভ কৰা ১৬ কোটি টকাৰে ব্যয়বহুল চিকিৎসা ১৪মহীয়া কণমানি ফাতিমাৰ, জীৱন ৰক্ষা পৰাৰ কাহিনীয়ে আপ্লুত কৰিব

News18 Assam | News18-Assam
Updated:February 18, 2021, 12:21 PM IST
লটাৰীত লাভ কৰা ১৬ কোটি টকাৰে ব্যয়বহুল চিকিৎসা ১৪মহীয়া কণমানি ফাতিমাৰ, জীৱন ৰক্ষা পৰাৰ কাহিনীয়ে আপ্লুত কৰিব
ফাতিমা হৈছে কৰ্ণাটকৰ উপকূলীয় অঞ্চল উত্তৰ-কন্নড় জিলাৰ ভাটকাল চহৰৰ মহম্মদ ৱাচিল আৰু খাদিজাৰ কন্যা। বিগত মাহৰ শেষৰফালে বাংগালুৰুৰ বেপ্টিছ হাস্পতালত জিন থেৰাপি "জোলগেনস্মা" প্ৰদানৰ পাচতে ক্ৰমাত্ সুস্থ হ'বলৈ লৈছে কণমানিজনী।

ফাতিমা হৈছে কৰ্ণাটকৰ উপকূলীয় অঞ্চল উত্তৰ-কন্নড় জিলাৰ ভাটকাল চহৰৰ মহম্মদ ৱাচিল আৰু খাদিজাৰ কন্যা। বিগত মাহৰ শেষৰফালে বাংগালুৰুৰ বেপ্টিছ হাস্পতালত জিন থেৰাপি "জোলগেনস্মা" প্ৰদানৰ পাচতে ক্ৰমাত্ সুস্থ হ'বলৈ লৈছে কণমানিজনী।

  • News18 Assam
  • Last Updated: February 18, 2021, 12:21 PM IST
  • Share this:
এগৰাকী ১৪ মহীয়া কৰ্ণাটকৰ কণমানি। নাম ফাতিমা, যিয়ে এই ওমলাৰ বয়সতে সন্মুখীন হ'বলগীয়া হৈছে এক দুৰাৰোগ্য ৰোগত। মাংসপেশীৰ এক জটিল ৰোগত আক্ৰান্ত হৈ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিছিল কণমানি ফাতিমা। কিন্তু সৌভাগ্যশালী ফাতিমাই লটাৰীত জয়ী হৈ লাভ কৰা ধনেৰে এখন চহৰৰ চিকিৎসালয়ত ১৬ কোটি টকাৰ এক বিশেষ জিন থেৰাপি লৈ এতিয়া নতুন জীৱনৰ সন্ধান লাভ কৰিছে।

ফাতিমা হৈছে কৰ্ণাটকৰ উপকূলীয় অঞ্চল উত্তৰ-কন্নড় জিলাৰ ভাটকাল চহৰৰ মহম্মদ ৱাচিল আৰু খাদিজাৰ কন্যা। যোৱা মাহৰ শেষৰফালে বাংগালুৰুৰ ব্যাপ্তিষ্ট হাস্পতালত জিন থেৰাপি "জোলগেনস্মা" প্ৰদানৰ পাচতে ক্ৰমাত্ সুস্থ হ'বলৈ লৈছে কণমানিজনী।

ড্ৰাগ মেজৰ নভাৰটিছৰ এক সহানুভূতিশীল কাৰ্যসূচীৰ জৰিয়তে লটাৰীৰ এগৰাকী সৌভাগ্যশালী বিজয়ী হৈ পৰিছিল ফাতিমা। যিয়ে ফাতিমাক সেই ব্যয়বহুল চিকিৎসা প্ৰাপ্ত

কৰাত সহায় কৰিছিল, যি চিকিৎসাৰ বোজা কেৱল বহু কোটিপতি লোকেহে গ্ৰহণ কৰিব পাৰে।

চিকিৎসালয়খনৰ পৰিচালন সঞ্চালক নবীন থমাচৰ মতে, এই জীৱনদায়িনী ঔষধবিধৰ মূল্য প্ৰায় ২.১ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাত্ যাৰ ভাৰতীয় মূল্য প্ৰায় ১৬ কোটি টকা।

লগতে এই চিকিৎসা সম্পৰ্কত ফাতিমাৰ পিতৃ ৱাচিলে কয় যে, এতিয়া ক্ৰমান্বয়ে উন্নত হৈছে ফাতিমাৰ স্বাস্থ্য। তাই এতিয়া তাইৰ ভৰি লৰচৰ কৰিবলৈ সক্ষম হৈছে। যদিও আন সাধাৰণ ল'ৰা ছোৱালীৰ দৰে হ'বলৈ তাইক কিছু সময় লাগিব।

চিকিৎসক থমাছৰ মতে, শিশুটোৰ ক্ষেত্ৰত স্পাইনেল মাচকুলাৰ এট্ৰফী বা এছ এম এ চিনাক্ত কৰা হৈছিল, যি স্নায়ু কোষ হেৰুওৱা এবিধ ৰোগ, যি মস্তিষ্কৰ পৰা মাংস পেশীলৈ বৈদ্যুতিক সংকেত বহন কৰে।

এই সংকেতৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন এটা জিনৰ দ্বাৰা ক'ড কৰা হয়, ইয়াৰ বাবে সকলোৰে দুটা প্ৰতিলিপি থাকে - এটা মাতৃৰ পৰা আৰু আনটো দেউতাকৰ পৰা।

লগতে তেওঁ কয়, শিশু এটাৰ ক্ষোত্ৰত এই ৰোগবিধ তেতিয়া বিকশিত হয় যেতিয়া দুয়োটা প্ৰতিলিপি ত্ৰুটিপূৰ্ণ হয় আৰু চিকিৎসা অবিহনে এই ৰোগবিধ অৱশেষত মাৰাত্মক হৈ পৰে। কিন্তু সমস্যাটো হ'ল যে এই চিকিৎসা অধিকাংশ লোকৰ বাবেই সম্ভৱ নহয়।

"কেৱল কোটিপতি লোকেহে এই ৰোগৰ চিকিৎসাৰ খৰচ বহন কৰিব পাৰে। বৰ্তমান চিকিৎসা বিকল্পবোৰ ঔষধৰ পৰা, যিয়ে এই প্ৰ'টিনবোৰ বৃদ্ধি কৰে আৰু ত্ৰুটিপূৰ্ণ জিনসলনি কৰে। জোলগেনস্মা, হৈছে এটা জিন থেৰাপী যি এক বিপ্লৱী চিকিৎসা, যাৰ লক্ষ্য হৈছে ত্ৰুটিপূৰ্ণ জিনসলনি কৰি ৰোগটো নিৰাময় কৰা"। প্ৰথমবাৰৰৰ বাবে কৰ্ণাটকত নোভাৰ্টিছৰ দ্বাৰা সহানুভূতিশীল প্ৰৱেশ কাৰ্যসূচীৰ জৰিয়তে লটাৰীৰ ভাগ্যৱান বিজয়ী হোৱা শিশুক বাংগালুৰুৰ বেপটিষ্ট চিকিৎসালয়ত জোলগেনস্মা দিয়া হৈছে" এনেদৰে উল্লেখ কৰে চিকিৎসক থমাছে।

লক্ষণীয় যে , এই দম্পত্তি হালে ইয়াৰ পূৰ্বেও এটা সন্তান হেৰুৱাইছিল, যি ফাতিমাৰ দৰেই এছ এম এৰোত ভুগিছিল।

পেডিয়াট্রিক নিউৰোলজিষ্ট আৰু নিউৰোমাস্কেটাৰ বিশেষজ্ঞ ড০ এন এগ্নেছ মেথিউয়ে কয় যে, "২১ শতিকাৰ ২১ বৰ্ষৰ ২১তাৰিৰখে এনেদৰে কণমানিজনীক এই বিৰল ৰোগৰ এক শ্বট নিৰাময় হোৱা বেজী দিয়া হৈছে।

চিকিৎসকৰ মতে, বৰ্তমান বেপ্টিষ্ট চিকিৎসালয়ত প্ৰায় ২০০ জন শিশু চিকিৎসা লাভ কৰি আছে। যি জেনেটিক ৰোগত বিশেষভাৱে এছ এম এ আৰু দুচেন পেশী ডিষ্ট্ৰোফি (ডি এম ডি) ৰোগত আক্ৰান্ত ।

তেওঁ লগতে কয় যে বিগত বৰ্ষত চিকিৎসালয়ত চিকিৎসা কৰি থকা অৱস্থাতে ৩৮ গৰাকী শিশুৱে এই ব্যয়বহুল চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি শেষ নিশ্বাস ত্যাগ কৰিছিল।

ফাতিমাৰ ক্ষেত্ৰত, থমাছে কৈছিল, এই ক্ষেত্ৰত চিকিৎসকসকলৰ বাবে এটা সপোন পূৰণ হৈছে । আমি আশা কৰোঁ যে অধিক শিশুৱে এই ব্যয়বহুল চিকিৎসা লাভ কৰে আৰু ভৱিষ্যতে এনে বহু চিকিৎসা সুলভ হৈ পৰিব।"
First published: February 18, 2021, 12:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি