মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »টকিঅ’ অলিম্পিকলৈ আৰু ১৩ দিন বাকী, দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক গেমছ

টকিঅ’ অলিম্পিকলৈ আৰু ১৩ দিন বাকী, দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক গেমছ

কোভিডৰ বাবে ভাৰতীয় দলক ৮ দিন পূৰ্বে টকিঅ’লৈ আমন্ত্ৰণ জনাইছে জাপান অলিম্পিক সন্থাই।

কোভিডৰ বাবে ভাৰতীয় দলক ৮ দিন পূৰ্বে টকিঅ’লৈ আমন্ত্ৰণ জনাইছে জাপান অলিম্পিক সন্থাই।

  • Share this:
আৰু ১৩ দিন পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ’ত আৰম্ভ হ’ব ৩২সংখ্যখ অলিম্পিক গেমছ। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ অনুষ্ঠিত হ’ব অলিম্পিক গেমছ। কোভিডৰ পৰিস্থিতিৰ বাবে দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ’ব এইবাৰৰ ৩২সংখ্যক টকিঅ’ অলিম্পিক গেমছ।

জাপান অলিম্পিক কমিটীয়ে তেওঁলোকৰ চূড়ান্ত সিদ্ধান্ত বৃহস্পতিবাৰে ঘোষণা কৰে। জাপান অলিম্পিক কমিটীৰ আহ্বায়ক ছাইখো হাছিমোটোই সংবাদ মাধ্যমক জনাইছে এই কথা। কোভিড পৰিস্থিতিৰ বাবেই জাপানত জৰুৰীকালীনভাৱে বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰ "অলিম্পিক গেমছ" অনুষ্ঠিত হ’ব বুলি কলে দেশখনৰ প্ৰধানমন্ত্ৰী যুছিডে ছুগাই।

টকিঅ’ চহৰ আৰু চিবা, কানাগুৱা আৰু ছাইটমাৰ ভ্যেনুত কোনো দৰ্শক নাথাকিব। অৱশ্যে মিয়াগী, ফাকুছিমা আৰু ছাইজুকাত ৫০% দৰ্শক অৰ্থাৎ পাঁচ হাজাৰ দৰ্শকক টিকট দিয়াৰ ব্যৱস্থা কৰিছে জাপান অলিম্পিক সন্থাই। টকিঅ’ অলিম্পিকৰ গেমছত মুঠ ৪২টা ভ্যেনুৰ ২৫টা ভ্যেনু আছে ৰাজধানী চহৰ টকিঅ’ত।

ইফালে কোভিডৰ বাবে ভাৰতীয় দলক ৮ দিন পূৰ্বে টকিঅ’লৈ আমন্ত্ৰণ জনাইছে জাপান অলিম্পিক সন্থাই। সেয়ে ১৫ জুলাইতে ভাৰতীয় বৃহৎ দলটো জাপানৰ ৰাজধানী চহৰ অভিমুখে ৰাওনা হ’ব। জাপানত ভাৰতীয় খেলুৱৈয়ে ৬ দিন কোৱাৰেইণ্টাইনত থাকিব লাগিব। তাৰ পিছত টকিঅ’ৰ গেমছ ভিলেজলৈ গৈ অংশ ল’ব অলিম্পিকৰ নিজৰ নিজৰ খেলত।

ভাৰতীয় দলটোত আছে দুগৰাকী অসমীয়া। বক্সাৰ লাভলীনা বৰগোঁহায়ে অলিম্পিক গেমছৰ মহিলাৰ ৬৯ কেজি শাখাত অংশ গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আনহাতে ভাৰতীয় অলিম্পিক সন্থাই টকিঅ’ অলিম্পিক গেমছত অংশ ল’বলগীয়া ভাৰতীয় দলটোৰ চীফ দ্যা মিছনৰ দায়িত্ব দিছে অসমৰ ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ মুৰব্বী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক।

বিগত ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক গেমছখন কোভিডৰ বাবে সম্পূৰ্ণ এবছৰ পিছুৱাই এতিয়া ২৩ জুলাইৰ পৰা কোভিড প্ৰটকল অনুযায়ী অনুষ্ঠিত হ’ব। দৰ্শকবিহীন অলিম্পিক গেমছৰ বিশেষ আকৰ্ষণ নাথাকিব বুলি ধাৰণা প্ৰকাশ কৰিছে বিশ্বৰ ক্ৰীড়া বিশেষজ্ঞই।

শেহতীয়া বাতৰি