যদি আপোনাৰ বেংকৰ কোনো কাম আছে তেন্তে হোলীৰ পূৰ্বে কৰি লওক। অন্যথা বিপদত পৰিব পাৰে আপুনি। এই মাহত বিভিন্ন ৰাজ্যক সামৰি ১৩ দিন বন্ধ থাকিব বেংক। এই মাহটোত কোন ৰাজ্যত কিমান তাৰিখে বেংক বন্ধ থাকিব জানো আহক। ৬ মাৰ্চত চপচাৰ কুট উপলক্ষে মিজোৰামৰ আইজলত বন্ধ থাকিব বেংক। ৮ মাৰ্চত দেওবাৰ, গতিকে বেংক বন্ধ।
৯ মাৰ্চত হোলিকা দাহ উপলক্ষে দেৰাদুন, হায়দৰাবাদ, জম্মু, কাণপুৰ, কলকাতা, লক্ষ্ণৌ আৰু ৰাঁচীত বন্ধ থাকিব বেংকৰ কাম–কাজ। ১০ মাৰ্চত হোলী উপলক্ষে অসমকে ধৰি অধিকাংশ ৰাজ্যতে বন্ধ থাকিব বেংক।
১১ মাৰ্চত পাটনাত হোলী উপলক্ষে নহ’ব বেংকৰ কাম–কাজ। ১৪ মাৰ্চত মাহৰ দ্বিতীয়টো শনিবাৰ উপলক্ষে বন্ধ থাকিব বেংক। ১৫ মাৰ্চ দেওবাৰ। ২২ মাৰ্চত পুনৰ দেওবাৰ।
২৫ মাৰ্চত আৰম্ভ হ’ব নৱৰাত্ৰি। মহাৰাষ্ট্ৰ, বেংগালুৰু, চেন্নাই, জম্মু, শ্ৰীনগৰ, পানাজী আদি ৰাজ্যত গুড়ি পাড়ৱা, তেলেগু নৱবৰ্ষ উপলক্ষে বন্ধ থাকিব বেংক। ২৭ মাৰ্চত ৰাঁচীত ছৰহুল উপলক্ষে বেংক বন্ধ থাকিব। ২৮ মাৰ্চত চতুৰ্থ শনিবাৰ আৰু ২৯ মাৰ্চত দেওবাৰ উপলক্ষে নচলিব বেংকৰ কাম–কাজ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 02, 2020, 09:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।