টকিঅ’ অলিম্পিকলৈ আৰু দহ দিন বাকী। ২৩ জুলাইৰ পৰা জাপানৰ ৰাজধানী চহৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ "অলিম্পিক গেমছ"ৰ বাবে সাজু হৈছে ১১৬ জনীয়া ভাৰতীয় দল। এই ভাৰতীয় দলটোত আছে উত্তৰ পূৰ্বাঞ্চলৰ আঠ গৰাকী তাৰকা খেলুৱৈ।
উত্তৰ পূৰ্বাঞ্চলৰ পৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা আঠগৰাকী খেলুৱৈয়েও এতিয়া সাজু হৈছে ক্ৰীড়া বিশ্ব যুদ্ধৰ বাবে। পূৰ্বোত্তৰৰ তিনি ৰাজ্যৰ আঠ গৰাকী খেলুৱৈ হ’ল ক্ৰমে অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই, মণিপুৰৰ বিশ্ববিখ্যাত বক্সাৰ এম চি মেৰীকম, ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানু, জুডোকা লিখমাবাম সুশীলা দেৱী, মহিলা হকী দলৰ আগশাৰীৰ খেলুৱৈ সুশীলা ছানু পোখৰামবাম, পুৰুষ হকী দলৰ খেলুৱৈ চাংলাকপাম নীলকান্ত, মিজোৰামৰ মহিলা হকী খেলুৱৈ লালৰেমচিয়ামি আৰু ছিকিমৰ তৰুণদ্বীপ ৰায়।
অসমৰ সফল বক্সাৰ লাভলীনা বৰগোহাঁয়ে মহিলাৰ ৬৯ কেজি শাখাত অংশ ল’ব। ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মাংটে চুংনেজাং মেৰীকমে এইবাৰৰ টকিঅ’ অলিম্পিকৰ ৫১ কেজি শাখাত অংশ ল’ব। ঠিক সেইদৰে মণিপুৰৰ তাৰকা ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানুৱে মহিলাৰ ৪৯ কেজি শাখাত অংশ লব। মনিপুৰী জুডোকা সুশিলা দেৱীয়ে মহিলাৰ ৪৮ কেজি শাখাত অংশ ল’ব। নীলকান্ত আৰু সুশীলা ছানুৱে ক্ৰমে ভাৰতীয় পুৰুষ আৰু মহিলা দলক প্ৰতিনিধিত্ব কৰিব।
ইফালে ছিকিমৰ সফল আৰু অভিজ্ঞ আৰ্চাৰ তৰুণদ্বীপ ৰায়ে পুনৰবাৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ভাৰতৰ অন্যতম সফল আৰ্চাৰগৰাকীয়ে টকিঅ’ত সফল হোৱাৰ বাবে সম্প্ৰতি চলাই আছে কঠোৰ অনুশীলন। গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেত কৰ্মৰত মীৰাবাই ছানু হ’ল বিশ্ব চেম্পিয়ন ভাৰোত্তোলক। মীৰাবাইৰ জৰিয়তে দেশবাসীয়ে বিশেষকৈ ভাৰোত্তলনৰ বিশেষজ্ঞসকলে এটা স্বৰ্ণপদক আশা কৰিছে।
ইয়াৰ মাজতে ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ মুৰব্বী তথা অগপ দলৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য প্ৰথমগৰাকী অসমীয়া হিচাপে মনোনীত হৈছে টকিঅ’ অলিম্পিক গেমছত অংশ ল’বলগীয়া ভাৰতীয় দলৰ চীফ দ্যা মিছনৰ পদত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 12, 2021, 17:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।