মুখ্যপৃষ্ঠা » খবৰ

» কলকাতা

»Cyclone Yaas Tracker: কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে'ল বাতিল, উৰিষ্যা-বংগত তীব্ৰ বৰষুণ...

Cyclone Yaas Tracker: কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে'ল বাতিল, উৰিষ্যা-বংগত তীব্ৰ বৰষুণ...

News18 Assam | News18-Assam
Updated:May 26, 2021, 9:42 AM IST
Cyclone Yaas Tracker: কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে'ল বাতিল, উৰিষ্যা-বংগত তীব্ৰ বৰষুণ...
বুধবাৰে পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৭:৪৫ বজালৈ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচল বাতিল কৰা হ'ব। আনহাতে, ৰে'লৱেই উৰিষ্যা-বংগৰ সকলো ৰে'ল বাতিল কৰিছে।

বুধবাৰে পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৭:৪৫ বজালৈ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচল বাতিল কৰা হ'ব। আনহাতে, ৰে'লৱেই উৰিষ্যা-বংগৰ সকলো ৰে'ল বাতিল কৰিছে।

  • Share this:
ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ঝাৰচুগুড়া বিমানবন্দৰ মঙলবাৰে নিশা ১১ বজাত বন্ধ আছিল আৰু বৃহস্পতিবাৰে পুৱা ৫ বজালৈকে বন্ধ থাকিব। ঘূৰ্ণীবতাহৰ বাবে আজি দুৰ্গাপুৰ আৰু ৰাউৰকেলা বিমানবন্দৰত সকলো বিমান চলাচল স্থগিত ৰখা হ'ব। বুধবাৰে পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৭:৪৫ বজালৈ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচল বাতিল কৰা হ'ব। আনহাতে, ৰে'লৱেই উৰিষ্যা-বংগৰ সকলো ৰে'ল বাতিল কৰিছে।

বতৰ বিভাগৰ মতে, অতি তীব্ৰ ঘূৰ্ণীবতাহ য়াছ বালাচোৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত অৱস্থিত। দুপৰীয়াৰ ভিতৰত, ঘূৰ্ণীবতাহে ধামৰাৰ উত্তৰে আৰু বালাচোৰৰ দক্ষিণে উত্তৰ উৰিষ্যা-পশ্চিম বংগ উপকূল অতিক্ৰম কৰিব। এই সময়ছোৱাত, বতাহৰ গতিবেগ হ'ব প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ । ইতিমধ্যে উৰিষ্যা-বংগত তীব্ৰ বৰষুণ দিয়া বুলি জানিব পৰা গৈছে।
Published by: Kokil Sarma
First published: May 26, 2021, 9:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি