• Home
  • »
  • News
  • »
  • kolkata
  • »
  • ত্ৰিপুৰাত TMC নেত্ৰী তথা অভিনেত্ৰী সায়ানী ঘোষৰ গ্ৰেপ্তাৰক লৈ তোলপাৰ দেশৰ ৰাজনীতি, বিৰোধ প্ৰদৰ্শন কৰিবলৈ দিল্লীত ১২ তৃণমূল সাংসদ

ত্ৰিপুৰাত TMC নেত্ৰী তথা অভিনেত্ৰী সায়ানী ঘোষৰ গ্ৰেপ্তাৰক লৈ তোলপাৰ দেশৰ ৰাজনীতি, বিৰোধ প্ৰদৰ্শন কৰিবলৈ দিল্লীত ১২ তৃণমূল সাংসদ

  • Share this:
ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে (Tripura Police) পশ্চিম বংগৰ (West Bengal) তৃণমূল কংগ্ৰেছৰ নেত্ৰী সায়ানী ঘোষক হত্যাৰ অপচেষ্টাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।

বিজেপি কাৰ্যকৰ্তা তথা অভিনেত্ৰী সায়ানী ঘোষক শনিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ (Chief Minister Biplab Kumar Deb) এখন সভাত বাধাৰ সৃষ্টি কৰাৰ লগতে ভাবুকি দিয়াৰ অভিযোগ আৰোপ কৰা হৈছে। টিএমচিৰ যুৱ নেত্ৰীগৰাকীয়ে গলিত অনুষ্ঠিত সভাখনত উপস্থিত হৈ ‘খেলা হবে’ৰ শ্ল’গান দিছিল। সায়ানী ঘোষৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ টিএমচিৰ ১২ সাংসদৰ প্ৰতিনিধিমণ্ডল দিল্লীত উপস্থিত হৈছে। দলটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ত্ৰিপুৰাত আৰক্ষীৰ বৰ্বৰতাক লৈ আলোচনা কৰিবলৈ সময় বিচাৰিছে। আজি দিল্লীত প্ৰতিবাদী কাৰ্যসূচীৰো পৰিকল্পনা।

তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) পশ্চিম বংগৰ যুৱ শাখাৰ নেত্ৰী তথা অভিনেত্ৰী সায়ানী ঘোষক (Saayoni Ghosh) তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ (Abhishek Banerjee) ভ্ৰমণৰ ২৪ ঘণ্টা পূৰ্বে আৰক্ষীয়ে জিম্মাত লৈছে। তেওঁক সোধা–পোচা কৰিবলৈ থানালৈ মতা হৈছিল। তৃণমূল কংগ্ৰেছৰ নেতাসকলৰ অভিযোগ মতে পূৱ আগৰতলা মহিলা আৰক্ষী থানাৰ বাহিৰত তেওঁলোকৰ কাৰ্যকৰ্তাৰ সৈতে বিজেপি সমৰ্থকসকলে হতা–হতিত লিপ্ত হয়। অৱশ্যে বিজেপিয়ে এই অভিযোগ নস্যাৎ কৰিছে।

ত্ৰিপুৰা আৰক্ষীৰ মতে সায়ানী ঘোষক প্ৰাথমিক সাক্ষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। টিএমচি নেতাগৰাকীৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩০৭, ১৫৩ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে, সায়ানী ঘোষ বাঙালী সাংস্কৃতিক জগতৰ এক চিনামী মুখ (Who is Saayoni Ghosh)। তেওঁ ২০১২ চনত 'নটবৰ নটআউট' নামৰ কমেডী ছবিৰে ছবিজগতত ভুমুকি মাৰিছিল। বাঙালী ছবি আৰু টিভিৰ চিনাকী মুখ সায়ানীয়ে ২০১১ চনক ‘শত্ৰু’, ২০১৫ চনত ‘ৰাজকাহিনী’, ২০১৬ত ‘ব্যৌমকেশ অ’ চিৰিয়াখানা’ আৰু ২০১৭ত ‘মেঘনাদ’ৰ দৰে ছবিত কাম কৰিছিল।

২৭ জানুৱাৰী, ১৯৯৩ চনত জন্মা সায়ানী এগৰাকী প্লেবেকে ছিংগাৰো। তেওঁ ২০১২ চনৰ পৰা প্ৰায় ৮খন চিনেমাত নিজৰ কণ্ঠদান কৰিছে। এই বছৰ তেওঁ আসনছোল দক্ষিণ আসনৰ পৰা বিজেপিৰ অগ্নিমিত্ৰ পালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল। তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হৈ প্ৰচাৰৰ অন্যতম চেহেৰা আছিল। নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত টিএমচিয়ে জুন মাহত তেওঁক যুৱ মৰ্চাৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰ পূৰ্বে এই দায়িত্ব অভিষেক বেনাৰ্জীৰ হাতত আছিল।

ইয়াৰ পূৰ্বেও সায়ানী ঘোষৰ নাম বিতৰ্কত সাঙোৰ খাইছে।
First published: