• Home
  • »
  • News
  • »
  • kolkata
  • »
  • আশা প্ৰায় এৰিয়েই দিছিল পিতৃ-মাতৃয়ে! দুবছৰীয়া শিশুৰ ডিঙিত লাগি ধৰিছিল আঢ়ৈ ইঞ্চিৰ গজাল, নতুন জীৱন উপহাৰ দিলে চিকিৎসকে

আশা প্ৰায় এৰিয়েই দিছিল পিতৃ-মাতৃয়ে! দুবছৰীয়া শিশুৰ ডিঙিত লাগি ধৰিছিল আঢ়ৈ ইঞ্চিৰ গজাল, নতুন জীৱন উপহাৰ দিলে চিকিৎসকে

পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা।

পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা।

পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
পশ্চিমবংগৰ এছ এছ কে এম হাস্পতালৰ অসাধ্য সাধন। ডিঙিত আঢ়ৈ ইঞ্চিৰ গজাল লাগি ধৰা এটি শিশুক নতুন জীৱন দিলে হাস্পতালখনৰ চিকিৎসকে।

ৰাজ্যখনৰ উত্তৰ দিনাজপুৰৰ ছফিকুল আলী নামৰ এজন লোকৰ দুবছৰীয়া পুত্ৰ মোস্তাকিম আলী। শুকুৰবাৰৰ দিনা খেলি থকাৰ মাজতে মোস্তাকিমে উশাহ নিশাহত কষ্ট পোৱাৰ লগতে বমি কৰিবলৈ আৰম্ভ কৰে। পিতৃ-মাতৃয়ে একো ধৰিব নোৱাৰি লগে লগে স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। আৰু স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ৰায়গঞ্জ মেডিকেল কলেজ আৰু পিছত মালদহ মেডিকেল কলেজলৈ শিশুটিক ৰেফাৰ কৰা হয়।

এক্স-ৰে কৰাত ধৰা পৰে যে, শিশুটিৰ শ্বাস-প্ৰশ্বাস নলীত এডাল গজাল লাগি ধৰি আছে। আৰু তেতিয়াই মালদহ মেডিকেল কলেজৰ পৰা শিশুটিক এছ এছ কে এম হাস্পতাললৈ ৰেফাৰ কৰা হয়।

আৰু অস্ত্ৰোপচাৰৰ অন্তত আচৰিত হৈ পৰে চিকিৎসকসকল। প্ৰায় আঢ়ৈ ইঞ্চিৰ এডাল গজাল লাগি ধৰিছিল শিশুটিৰ ডিঙিত। এক কথাত জীৱনলৈ সংকট নামি আহিছিল শিশুটিৰ। কিন্তু বৰ্তমান শিশুটি বিপদমুক্ত। বৰ্তমান পৰ্যবেক্ষণৰ বাবে শিশুটিক পেডিয়েট্ৰিক আই চি ইউত ৰখা হৈছে।

হাস্পতালখনৰ ই এন টি বিশেষজ্ঞ অৰুণাভ সেনগুপ্তাই জনাইছে যে, 'শিশুটিক হাস্পতাললৈ অনাত যথেষ্ট পলম হৈছিল। গতিকে আমাৰ প্ৰত্যাহ্বান বাঢ়িছিল। প্ৰায় আঢ়ৈ ইঞ্চিৰ গজাল ডিঙিত লাগি ধৰিছিল। এনে ঘটনাৰ ফলত শ্বাস-প্ৰশ্বাস নলী চূড়ান্ত ভাবে ক্ষতিগ্ৰস্ত হ'ব পাৰে আনকি ৰোগীৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। কিন্তু অস্ত্ৰোপচাৰ সফল হোৱাত আমি এতিয়া সুখী।

আনহাতে শিশুটিৰ দেউতাকে জনাইছে যে, 'যিদৰে মোস্তাকিমৰ শৰীৰৰ অৱনতি ঘটিছিল, আমি আশাই এৰি দিছিলো। কিন্তু আল্লাৰ কৃপাত এতিয়া বিপদমুক্ত হৈছে। সঁচাকৈ ডাক্তৰসকল আল্লাৰ অন্য ৰূপ।'
Published by:Himangshu Bhuyan
First published: