உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • kolkata
    • »
    • West Bengal : পশ্চিমবংগৰ উপকূলত সাগৰীয় ধুমুহাৰ তাণ্ডৱ লীলা। ২জনৰ মৃত্যু, ১১ লাখক স্থানান্তৰ। য়াছে কাইলৈ খুন্দা মাৰিব পশ্চিম বংগত।

    West Bengal : পশ্চিমবংগৰ উপকূলত সাগৰীয় ধুমুহাৰ তাণ্ডৱ লীলা। ২জনৰ মৃত্যু, ১১ লাখক স্থানান্তৰ। য়াছে কাইলৈ খুন্দা মাৰিব পশ্চিম বংগত।

    কেইবাটাও মিনি ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে পশ্চিম বংগত। সাগৰীয় ধুমুহাত ২ জন লোক নিহত, ৪০টাৰো অধিক ঘৰ ধ্বংস ।

    কেইবাটাও মিনি ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে পশ্চিম বংগত। সাগৰীয় ধুমুহাত ২ জন লোক নিহত, ৪০টাৰো অধিক ঘৰ ধ্বংস ।

    কেইবাটাও মিনি ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে পশ্চিম বংগত। সাগৰীয় ধুমুহাত ২ জন লোক নিহত, ৪০টাৰো অধিক ঘৰ ধ্বংস ।

    • Share this:
    তাউতে ঘূৰ্ণীয়ে গুজৰাট-মহাৰাষ্ট্ৰত ধ্বংসলীলা চলোৱাৰ পাছত য়াছ ঘূৰ্ণীক লৈ পশ্চিম বংগ আৰু ওড়িশাত ব্যাপক সতৰ্কতা লোৱা হৈছে। কিন্তু য়াছ ঘূৰ্ণীয়ে বংগৰ উপকূলত খুন্দা মৰাৰ আগতেই সাগৰীয় ধুমুহাই তচনচ কৰিলে বংগৰ উপকূলীয় অঞ্চল।

    মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনোৱা মতে আজি কেইবাটাও মিনি ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে পশ্চিম বংগত। এই সাগৰীয় ধুমুহাত ২ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। হুগলি জিলাৰ পাণ্ডুৱাত বজ্ৰপাতৰ ফলত নিহচত হয় লোক দুজন।

    হুগলি জিলাৰ বান্দেল আৰু দক্ষিণ ২৪ পৰগণা জিলাৰ বিজপুৰত ধুমুহাই বিস্তৰ ক্ষতি কৰে। এই ধুমুহাত ৪০টাৰো অধিক ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে।

    উল্লেখ্য বুধবাৰে পশ্চিমবংগৰ উপকূলত খুন্দা মাৰিব সামুদ্ৰিক ঘূৰ্ণী য়াছে। ইতিমধ্যে চৰকাৰে উপকূলৰীয় এলেকাৰ ১১ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

    সতৰ্কতামূলক ৱ্যৱস্থা হিচাপে মঙলবাৰে পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৭.৪৫ বজালৈ কলকাতা বিমান বন্দৰ প্ৰায় ১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে। ১১৩টা NDRFৰ দল সাজু কৰি ৰখা হৈছে য়াছ ঘূৰ্ণীৰ যি কোনো তাণ্ডৱৰ পৰা জনতাক সুৰক্ষা দিবলৈ।

    বুধবাৰে পুৱাৰ ভাগতে য়াছ ঘূৰ্ণীয়ে খুন্দা মাৰিব পাৰে পশ্চিমবংগৰ উপকূলত।
    Published by:Manjumoni Borah
    First published: