মমতা বেনাৰ্জী চৰকাৰৰ ২ মন্ত্ৰী চিবিআই (CBI)ৰ জালত। মন্ত্ৰী দুজনৰ লগতে CBIয়ে গ্ৰেপ্তাৰ কৰিছে তৃণমূল কংগ্ৰেছ (TMC)ৰ আৰু এজন বিধায়কক। নাৰদ ষ্টিং অপাৰেচন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে মন্ত্ৰী ফিৰহাদ হাকিম আৰু সুব্ৰত মুখাৰ্জীক। লগতে গ্ৰেপ্তাৰ হৈছে TMC বিধায়ক মদন মিত্ৰ।
৪ বছৰ পৰণি এই গোচৰত TMC বিধায়ক-মন্ত্ৰীক গ্ৰেপ্তাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে কলকাতাৰ পৰিৱেশ। TMC কৰ্মীয়ে CBIৰ কাৰ্যালয় ঘেৰাও কৰি নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণ কৰে।
TMCৰ অভিযোগ বিজেপি (BJP)ৰ স্ৱাৰ্থত কাম কৰি CBIয়ে তৃণমূলৰ বিধায়ক তিনিজনক গ্ৰেপ্তাৰ কৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে পশ্চিম বংগত বিধানসভা নিৰ্বাচনত মমতা বাহিনীৰ ওচৰত লজ্জাজনক পৰাজয়ৰ পাছতে এই গ্ৰেপ্তাৰ হৈছে। অৱশ্যে বিজেপিয়ে এই গ্ৰেপ্তাৰৰ আৰত কোনো ৰাজনৈতিক শত্ৰুতা নাই বুলি স্পষ্ট কৰি দিছে আৰু চিবিআইয়ে নিজৰ কাম নিজে কৰিছে বুলি মন্তব্য কৰে।
কলকাতাৰ প্ৰাক্তন মেয়ৰ শোভন চেটাৰ্জীকো গ্ৰেপ্তাৰ কৰিছে CBIয়ে। শোভন চেটাৰ্জীয়ে গোচৰটো আৰম্ভ হোৱাৰ পিছত বিজেপিত যোগদান কৰিছিল কিন্তু নিৰ্বাচনৰ আগমূহূৰ্তত পুনৰ তৃণমূল কংগ্ৰেছলৈ ঘূৰি আহিছিল।
এই গ্ৰেপ্তাৰৰ লগে লগে TMCৰ মূৰব্বী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অধিবক্তাসহ একাংশ দলীয় কৰ্মাীক লগত লৈ CBI কাৰ্যালয়ত উপস্থিত হয়। এই গ্ৰপ্তাৰ কাৰ্যক বেআইনী আখ্যা দি তেওঁকো গ্ৰেপ্তাৰ কৰিবলৈ CBIক হুংকাৰ দিয়ে।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 17, 2021, 16:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।