West Bengal : ঘটনাৰ বিষয়ে ৰিপোৰ্ট দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Union Home Ministry) নিৰ্দেশ দিছে পশ্চিমবংগ চৰকাৰক। West Bengal : ঘটনাৰ বিষয়ে ৰিপোৰ্ট দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Union Home Ministry) নিৰ্দেশ দিছে পশ্চিমবংগ চৰকাৰক। পশ্চিম বংগ (West Bengal)ৰ বীৰভূম (Birbhum)ত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে ৮জন লোকে। অভিযোগমতে একাংশ উন্মাদ লোকে সোমবাৰে নিশা জ্বলাই দিছিল ১০-১২টা ঘৰ। মঙলবাৰে জুই-ধোৱা আৰু ছাইৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় ৮টা মৃতদেহ।
এই ঘটনাৰ পিছতে উত্তাল হৈ পৰিছে পশ্চিমবংগৰ ৰাজনীতি। বিৰোধী বিজেপি (BJP)য়ে তৃণমূল কংগ্ৰেছ (Trinamul Congress)ৰ মমতা বেনাৰ্জী (Mamata Banerjee) নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড আক্ৰমণ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত ঘোষণা কৰিছে।
বীৰভূমৰ বাগটুই গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। তৃণমূল কংগ্ৰেছৰ এজন নেতা, বাহাদূৰ শ্বেইখ (bahadur Sheikh)ৰ এক বোমা বিস্ফোৰণত সোমবাৰে মৃত্যুৰ পিছতে এই ঘটনা সংঘটিত হৈছে।
ঘটনাৰ পিছতে পশ্চিমবংগ বিজেপিয়ে কেন্দ্ৰ হস্তক্ষেপ বিচাৰি আবেজন কৰে। ইয়াৰ পিছতে ঘটনাৰ বিষয়ে ৰিপোৰ্ট দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Union Home Ministry) নিৰ্দেশ দিছে পশ্চিমবংগ চৰকাৰক।
Published by: Manjumoni Borah
First published: March 22, 2022, 22:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|