• Home
  • »
  • News
  • »
  • kolkata
  • »
  • পশ্চিমবংগই পুনৰ বিচাৰিছে উচ্চ সদন, মমতাই ৰক্ষা কৰিব পাৰিবনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ! বিধান পৰিষদ গঠনৰ সবিশেষ ....

পশ্চিমবংগই পুনৰ বিচাৰিছে উচ্চ সদন, মমতাই ৰক্ষা কৰিব পাৰিবনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ! বিধান পৰিষদ গঠনৰ সবিশেষ ....

বৰ্তমানে দেশৰ ছয়খনকৈ ৰাজ্য ক্ৰমান্বয়ে বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত একোখনকৈ বিধান পৰিষদ আছে ।

বৰ্তমানে দেশৰ ছয়খনকৈ ৰাজ্য ক্ৰমান্বয়ে বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত একোখনকৈ বিধান পৰিষদ আছে ।

বৰ্তমানে দেশৰ ছয়খনকৈ ৰাজ্য ক্ৰমান্বয়ে বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত একোখনকৈ বিধান পৰিষদ আছে ।

  • Share this:

পশ্চিমবংগত পুনৰ গঠন হোৱাৰ পথত বিধান পৰিষদ । চলিত সপ্তাহৰ আৰম্ভণিতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি চৰকাৰ গঠনৰ পিছতেই ৰাজ্যখনত বিধান পৰিষদ গঠনৰ বিষয়টোত অনুমোদন জনায় তৃণমূল কংগ্ৰেছ চৰকাৰে । ইয়াৰ পিছতেই ৫০ বছৰ পূৰ্বে বাঁওপন্থী দলসমূহৰ মিত্ৰজোঁট চৰকাৰে বাতিল কৰা বিধান পৰিষদ পুনৰ ৰাজ্যখনত গঠন হোৱাৰ দিশে আগবাঢ়িব ।


বৰ্তমানে দেশৰ ছয়খনকৈ ৰাজ্য ক্ৰমান্বয়ে বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত একোখনকৈ বিধান পৰিষদ আছে । এই দ্বিতীয় সদন স্থাপন কৰাৰ দিশটো কেৱল ৰাজ্য চৰকাৰৰ হাততেই নাই, কেন্দ্ৰীয় চৰকাৰেও সংসদত ইয়াৰ বাবে এক বিধেয়ক পৰিচালনা কৰিব লাগিব।


বিধান পৰিষদবোৰ কেনেদৰে আহিল


ভাৰতত আইন সভাৰ দুই সদনযুক্ত হোৱাৰো এক দীঘলীয়া ইতিহাস আছে। মণ্টাগু-চেমচফৰ্ড সংস্কাৰৰ ফলত ১৯১৯ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যিক পৰিষদ গঠন কৰা হয় । তাৰ পিছত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে ভাৰতীয় প্ৰদেশসমূহত দ্বি-সদনযুক্ত আইনসভা স্থাপন কৰে। আৰু এই আইনৰ অধীনতে ১৯৩৭ চনত প্ৰথমবাৰৰ বাবে পশ্চিমবংগত এখন বিধান পৰিষদে কাম কৰা আৰম্ভ কৰিছিল।


সংবিধান প্ৰস্তুতৰ সময়ত ৰাজ্যসমূহৰ দ্বি-সদন ব্যৱস্থাক লৈ সংবিধান সভাত ভিন্ন মতভেদ হৈছিল যদিও অন্তিম পৰ্যায়ত সংবিধান নিৰ্মাতাসকলে আৰম্ভণিতে বিহাৰ, বোম্বাই, মাদ্ৰাজ, পঞ্জাৱ, সংযুক্ত প্ৰদেশ আৰু পশ্চিম বংগত এখন বিধান পৰিষদ থাকিব বুলি উল্লেখ কৰিছিল। তাৰ পিছতে তেওঁলোকে ৰাজ্যসমূহক নিজৰ বিধান সভাত এক প্ৰস্তাৱ গৃহীতকৰণেৰে বিদ্যমান দ্বিতীয় সদন বাতিল কৰা বা নতুন সদন স্থাপনৰ বিকল্প দিছিল। কোনো আইনৰ ওপৰত মাজত মতভেদ হ'লে বিধান পৰিষদক অগ্ৰাহ্য কৰাৰ ক্ষমতাও দিয়া হৈছিল বিধানসভাক । লগতে সংবিধানে বিধান পৰিষদৰ সদস্যৰ সংখ্যাও জনপ্ৰিয়ভাৱে নিৰ্বাচিত বিধানসভাৰ এক-তৃতীয়াংশলৈ সীমাবদ্ধ কৰিছিল ।


পশ্চিম বংগৰ পৰিষদ


১৯৬৯ চনলৈকে পশ্চিম বংগত বিধান পৰিষদৰ অস্তিত্ব আছিল । কিন্তু দুটা বছৰ পূৰ্বে দ্বিতীয়খন সদনত সংঘটিত ঘটনাৰ বাবেই ইয়াক বাতিল কৰা হৈছিল । ১৯৬৭ চনত অনুষ্ঠিত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলত কংগ্ৰেছে একাধিক ৰাজ্যত ক্ষমতা হেৰুৱাই পেলাইছিল। পশ্চিম বংগতো সেইসময়ত প্ৰথমবাৰৰ বাবে অ-কংগ্ৰেছী চৰকাৰ গঠন হৈছিল । ১৪ টা দলৰ মিত্ৰজোঁট ইউনাইটেড ফ্ৰণ্টে ৰাজ্যখনত গঠন কৰিছিল চৰকাৰ আৰু জ্যোতি বসুক উপ মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী অজয় কুমাৰ মুখাৰ্জীয়ে নেতৃত্ব দিছিল চৰকাৰৰ । কিন্তু এই মিত্ৰজোঁটৰ চৰকাৰ বেছিদিন নচলিল, ৰাজ্যপাল ধৰম বিৰাই আঠ মাহৰ পিছতেই বৰ্খাস্ত কৰে এই চৰকাৰ ।


ইয়াৰ পিছতে পূৰ্বৰ মুখ্যমন্ত্ৰী পদত থকা এগৰাকী নিৰ্দলীয় বিধায়ক পি চি ঘোষে পুনৰবাৰ কংগ্ৰেছৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে । ইয়াৰ পিছতেই পশ্চিম বংগৰ আইনসভাৰ দুয়োখন সদনতে দৃশ্য়পট সলনি হৈছিল আৰু বিধানসভাত অধ্যক্ষই ৰাজ্যপালৰ কাৰ্যকলাপক অসাংবিধানিক বুলি অভিহিত কৰিছিল । কিন্তু কংগ্ৰেছ অধ্যুষিত পৰিষদে ঘোষ নেতৃত্বাধীন চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰি এটা প্ৰস্তাৱ গৃহীত কৰে, যি প্ৰস্তাৱৰ বাবেই বিধান পৰিষদৰ সমাপ্তিৰ দিন চমু চাপিছিল । ১৯৬৯ চনত মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতেই দ্বিতীয় ইউনাইটেড ফ্ৰণ্ট ক্ষমতালৈ অহাৰ পিছতেই পশ্চিমবংগত সমাপ্ত হৈছিল বিধান পৰিষদ ।


সংবিধানৰ ১৬৮ নং অনুচ্ছেদ অনুসৰি এক প্ৰস্তাৱ গৃহীতকৰণেৰে বিধান পৰিষদ গঠন বা বিলুপ্ত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল বিধানসভাক । এই প্ৰস্তাৱটো বিধানসভাৰ দুই-তৃতীয়াংশ সদস্যই গৃহীত কৰাৰ পিছতেই এই সন্দৰ্ভত এখন বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছতেই বাতিল হয় বিধান পৰিষদ । এই নীতি অনুসৰিয়েই পশ্চিম বংগ বিধানসভাই ১৯৬৯ চনৰ মাৰ্চ মাহতএই প্ৰস্তাৱ গৃহীত কৰে আৰু চাৰি মাহৰ পিছতে সংসদৰ দুয়োখন সদনে এই সন্দৰ্ভত এখন আইন অনুমোদিত কৰে । সেই বছৰৰ শেষৰ ফালেই পঞ্জাৱেও বাতিল কৰিছিল ইয়াৰ বিধানপৰিষদ ।


অন্যান্য ৰাজ্যত থকা বিধান পৰিষদ


যি হ'লেও এখন ৰাজ্যত বিধান পৰিষদ থকা বা নথকাটো এটা ৰাজনৈতিক বিষয়। উদাহৰণস্বৰূপে, তামিলনাডুত পৰিষদ গঠন কৰাটো বিগত তিনিটা দশক ধৰি এটা বিতৰ্কিত বিষয় হৈ আহিছে। ১৯৮৬ চনত এআইএডিএমকে নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ দ্বিতীয়খন সদন বাতিল কৰিছিল । তেতিয়াৰ পৰাই ডিএমকেই পৰিষদখন পুনৰ গঠনৰ প্ৰয়াস কৰি আহিছে আৰু এআইএডিএমকেয়ে এনে পদক্ষেপৰ বিৰোধিতা কৰিছে। শেহতীয়াকৈ সদ্যসমাপ্ত নিৰ্বাচনৰ বাবে ডিএমকেৰ নিৰ্বাচনী ইস্তাহাৰত পুনৰবাৰ দ্বিতীয় সদন অৰ্থাত্ বিধান পৰিষদ গঠনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ।


একেদৰে কংগ্ৰেছেও ২০১৮ চনৰ মধ্য প্ৰদেশ নিৰ্বাচনৰ সময়ত একে ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ইপিনে অন্ধ্ৰ প্ৰদেশত প্ৰথমে ১৯৫৮ চনত  বিধান পৰিষদ স্থাপন কৰা হৈছিল, তাৰ পিছত ১৯৮৫চনত তেলুগু দেশম পাৰ্টি চমুকৈ টিডিপিয়ে ইয়াক বাতিল কৰিছিল আৰু ২০০৭ চনত পুনৰ কংগ্ৰেছে ইয়াৰ স্থাপন কৰে । কিন্তু বিগত বৰ্ষত পুনৰ টিডিপিয়ে পৰিষদ বাতিলৰ বাবে বিধানসভাত বিষয়টো গৃহীত কৰিছে ।


অৱশ্যে, ৰাজ্যৰ আইন সভাৰ এই বিষয়টো বিধানসভাত এটা প্ৰস্তাৱ গৃহীত কৰিলেই সমাপ্ত নহয় । বিধান পৰিষদ গঠন বা বাতিলৰ বাবে এখন বিধেয়ক সংসদে গৃহীত কৰিব লাগিবই । ২০১০ চনত অসম বিধানসভা আৰু ২০১২ চনত ৰাজস্থান বিধানসভাইও তেওঁলোকৰ নিজ নিজ ৰাজ্যত বিধান পৰিষদ গঠনৰ বাবে প্ৰস্তাৱ গৃহীত কৰিছিল। দুয়োখন বিধেয়ক বৰ্তমানেও ৰাজ্যসভাত বিচাৰাধীন হৈ আছে। ইপিনে অন্ধ্ৰ প্ৰদেশৰ বিধান পৰিষদ বাতিলৰ বিধেয়কখন এতিয়াও সংসদত উত্থাপন কৰা হোৱা নাই ।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি