মুখ্যপৃষ্ঠা »খবৰ »কলকাতা »Durga Puja Kolkata: কলকাতাৰ দুৰ্গা পূজাক কালচাৰেল হেৰিটেজ ঘোষণা, UNESCOই দিলে ঐতিহ্যৰ স্বীকৃতি

Durga Puja Kolkata: কলকাতাৰ দুৰ্গা পূজাক কালচাৰেল হেৰিটেজ ঘোষণা, UNESCOই দিলে ঐতিহ্যৰ স্বীকৃতি

কলকাতাৰ দুৰ্গা পূজাক UNESCOৰ স্বীকৃতি

কলকাতাৰ দুৰ্গা পূজাক UNESCOৰ স্বীকৃতি

  • Share this:
স্বীকৃতি পালে কলকাতাৰ দুর্গা পুজা (Durga Puja of Kolkata)ই। ইউনেস্কো (UNESCO)ৰ সাংস্কৃতিক ঐতিহ্যৰ তাললিকাত স্থান পালে কলকাতাৰ দুৰ্গা পূজাই। ইণ্ডিয়া এট ইউনেস্কো (India at UNESCO)ৰ তৰফৰ পৰা বুধবাৰে সন্ধিয়া কৰা ঘোষণাৰ পিছতে পুনৰ প্ৰমাণ হ'ল যে কলকাতা চহৰখনৰ আছে এক দীঘলীয়া সাংস্কৃতিক ঐতিহ্য। সেইকাৰণে ইয়াক ইউনেস্কোৰ কালচাৰেল হেৰিটেজ (UNESCO Cultural Heritage) তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই বছৰৰ পূজা ইতিমধ্যে শেষ হৈ গৈছে। কিন্তু পৰৱৰ্তী বছৰৰ বাবে প্ৰস্তুতিও আৰম্ভ হৈ গৈছে। ইয়াৰ মাজতে এই বাতৰিটোৱে নিঃসন্দেহে বংগৰ ঐতিহ্যৰ মুকুটত এক নতুন মুকুতাৰ সংযোগ কৰিলে।

যোৱা কেইবছৰমানৰ পৰা ৰাজ্য চৰকাৰে দুর্গাপুজা (Durga Puja)ক আন্তৰ্জাতিক মহোৎসৱ হিচাপে তুলি ধৰিবলৈ সকলো প্ৰচেষ্টা চলাই আহিছে। কিন্তু কোভিড (Covid 19)ৰ কাৰণে সেই উদ্যোগত কিছু যতি পৰিছিল। ইয়াৰ উপৰি কোনো বিশাল পূজা আয়োজনো হোৱা নাছিল। অৱশ্যে সকলোৱে আশা কৰি আছে যে যদি কোভিডৰ সংক্ৰমণ শাম কাটে তেন্তে দুৰ্গা পূজা পুনৰ পূৰ্বৰ গৰিমাৰে ঘূৰি আহিব। এতিয়া বহুতে আশা কৰিছে যে এই স্বীকৃতিয়ে আগতকৈ অধিক উচ্চ স্তৰলৈ লৈ যাব কলকাতাৰ দুৰ্গা পূজাক।


বুধবাৰে বিয়লি ইউনেস্কোৰ টুইটাৰ হেণ্ডেলত এই ঘোষণা কৰা হৈছিল। ইউনেস্কোৱে "মানৱতাৰ ঐতিহ্য" (Heritage of Humanity) বাক্যাংশ লিখি ঐতিহ্য ঘোষণা কৰিছিল। প্ৰতি বছৰে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে কলকাতা মহানগৰীৰ দুৰ্গা পূজা (Durga Puja of Kolkata)ত ভিৰ কৰে। পৰ্যটকসকলো বিদেশৰ পৰা আহে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata banerjee)য়ে দীৰ্ঘদিন ধৰি কলকাতাৰ দুৰ্গা পূজাক আন্তঃৰাষ্ট্ৰীয় উৎসৱৰ ৰূপ দিয়াৰ কথা কৈ আহিছে। একেদৰে, পূজাৰ শেষত, এক আন্তৰ্জাতিক পূজা কাৰ্নিভাল (Puja Carnival)ৰ আয়োজন কৰা হয়, য'ত বিদেশীসকল উপস্থিত থাকে।

দুৰ্গা পূজাক ইউনেস্কোৰ ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। পশ্চিম বংগ চৰকাৰে প্ৰায়েই কেন্দ্ৰক এই সন্দৰ্ভত উদ্যোগ ল'বলৈ অনুৰোধ জনাইছিল৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কেন্দ্ৰক বিভিন্ন সময়ত দুৰ্গাপূজাক ইউনেস্কোৰ ঐতিহ্য তালিকাত স্থান দিবলৈ কৈ আহিছিল ৷ অৱশেষত ভাৰত চৰকাৰে ইউনেস্কোক দুৰ্গা পূজাৰ ঐতিহ্যৰ মৰ্যাদা বিচাৰি আহ্বান জনাইছিল৷ এনে বহুতো আবেদন বিশ্বজুৰি ইউনেস্কোৰ ওচৰত দাখিল কৰা হৈছিল৷ ইউনেস্কোৰ বিষয়াসকলে ১৩ ডিচেম্বৰত পেৰিছত এক বিশেষ অধিৱেশনত বহি সেই আবেদনসমূহ পৰীক্ষা কৰিবলৈ লয় ৷ ইউনেস্কোৱে দুৰ্গা পূজাক ঐতিহ্য হিচাপে তালিকাভুক্ত কৰাৰ সিদ্ধান্ত লয়। ১৩ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ফ্ৰান্সৰ পেৰিছত আন্তঃচৰকাৰী সমিতিৰ ১৬ তম অধিৱেশন অনুষ্ঠিত হৈছে। একেটা অধিৱেশনতে ইউনেস্কোৰ ইনটেনজিবল কালচাৰেল হেৰেটেজ অৱ হিউমেনিটী (Representative List of Intangible Cultural Heritage of Humanity)ৰ ঐতিহ্যৰ তালিকাত 'কলকাতাৰ 'দুৰ্গা পূজাক' অন্তৰ্ভুক্ত কৰা হৈছে।
Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি