Mamata Benerjee In Assam: আজি অসমত উপস্থিত হ’ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দিনৰ ২ বজাত বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হব মমতা বেনাৰ্জী।
বিমান বন্দৰৰ পৰা পোণে পোণে তেওঁ ৰাওনা হ’ব শক্তিপীঠ কামাখ্যা ধামত (Mamata Benerjee to visit Kamakahya Temple)। কংগ্ৰেছক বাদ দি দেশৰ সকলো বিজেপিবিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰি ২০২৪ ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা তৃণমূল কংগ্ৰেছৰ প্ৰধানগৰাকীয়ে মা কামাখ্যাৰ চৰণত বিশেষ মানসেৰে সেৱা দিবলৈ মঙলবাৰে উপস্থিত হ’ব গুৱাহাটীত ।
দিনৰ প্ৰায় ২ বাজি ৩০ মিনিটত মা কামাখ্যাক দৰ্শন কৰিব মমতা বেনাৰ্জীয়ে।
মা দৰ্শনৰ পাছতে পুনৰ উভতিব বৰঝাৰ বিমান বন্দৰলৈ।
৪ বজাত বিমান বন্দৰৰ পৰা পোণে পোণে ৰাওনা হ’ব শ্বিলঙলৈ।
দলীয় কাৰ্য্যসূচী অনুসৰি মালিগাঁওৰ এক অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা আছে
যদিও সেয়া এতিয়াও নিশ্চিত হোৱা নাই। মঙলবাৰে সন্ধিয়াৰ ভাগতেই তেওঁ পুনৰ কলিকতালৈ উভতি যোৱাৰ কথা।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|