নেটৱৰ্ক 18ক দিয়া এক সাক্ষাৎকাৰত Himanta BiswaSarmaই কয় যে মমতা বেনাৰ্জী চৰকাৰে কেৱল অসম-ত্ৰিপুৰাতে নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰতৰ যিকোনো ঠাইতে কোনো প্ৰভাৱ পেলাব নোৱাৰিব।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) মমতা বেনাৰ্জীৰ(Mamata Banerjee) 'খেলা হ'বে' শ্ল'গানক লৈ বিশেষ চিন্তিত নহয়। চুবুৰীয়া বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত তৃণমূল-বিজেপিৰ(TMC-BJP) সন্মুখ সমৰ তুংগত থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। নেটৱৰ্ক 18ক দিয়া এক সাক্ষাৎকাৰত Himanta BiswaSarmaই কয় যে মমতা বেনাৰ্জী চৰকাৰে কেৱল অসম-ত্ৰিপুৰাতে নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰতৰ যিকোনো ঠাইতে কোনো প্ৰভাৱ পেলাব নোৱাৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যিকোনো মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পিছত, প্ৰথমতে এক গ্লেমাৰ আছে যি ক্ষণস্থায়ী। এইটো সেই অস্থায়ী গ্লেমাৰৰ এটা অংশ। দৰাচলতে তেওঁ পশ্চিম বংগ শাসন কৰিবলৈ নিৰ্বাচিত হৈছে। একে সময়তে তেওঁ কয়, "নিৰ্বাচনত পৰাজিত হোৱা এগৰাকী মহিলা বা ৰাজনীতিবিদে কেনেকৈ আনৰ ওপৰত জয়লাভ কৰিব পাৰে সেয়াও মানুহে সুধিব। কেৱল সেয়াই নহয়, যদি আপুনি আপোনাৰ নিজৰ নিৰ্বাচনত পৰাজিত হয় তেন্তে আপুনি কেনেকৈ আমাৰ বিজয় নিশ্চিত কৰিব সেই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব।" এইদৰে বিধানসভা নিৰ্বাচনত নন্দীগ্ৰামত মমতা বেনাৰ্জীৰ পৰাজয়ক সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই।
মঙলবাৰে এই বিশেষ সাক্ষাৎকাৰত উত্তৰ-পূব ভাৰতৰ সীমান্ত পৰিস্থিতি, ২৬ জুলাইত অসম-মিজোৰাম সীমান্ত সংঘৰ্ষৰ দৰে বিষয়সমূহ উত্থাপিত হয়। একে সময়তে, ত্ৰিপুৰাৰ বিষয়টোও উত্থাপিত হৈছে। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট দৃষ্টিভংগী হৈছে যে "মমতা বেনাৰ্জী আৰু তেওঁৰ 'খেলা হ'বে"ৰ দৰে শ্লোগান আৰু ৰাজনীতি কেৱল বঙালীসকলৰ কিছুমান অংশতে সীমাবদ্ধ। ই উত্তৰ-পূৰ্বাঞ্চলৰ বঙালীসকলক স্পৰ্শ নকৰে। একে সময়তে, তেওঁ দাবী কৰে যে মমতা বেনাৰ্জী আৰু তেওঁৰ তৃণমূল পশ্চিমবংগত সীমাবদ্ধ।
(সাক্ষাৎকাৰ গ্ৰহণ কৰে পায়েল মেহতাই)
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|