உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • kolkata
    • »
    • Nusrat Jahan Viral Video: বিবাহৰ বিতৰ্ক ওৰ নপৰোতেই ফটোশ্বুটৰ বাবে চুইমিং পুলত প'জ দিলে অন্তঃসত্বা নুছৰত জাহানে ! ক'লে - 'No Risk No Story'

    Nusrat Jahan Viral Video: বিবাহৰ বিতৰ্ক ওৰ নপৰোতেই ফটোশ্বুটৰ বাবে চুইমিং পুলত প'জ দিলে অন্তঃসত্বা নুছৰত জাহানে ! ক'লে - 'No Risk No Story'

    Nikhil Jainৰ সৈতে নিজৰ বিবাহক অবৈধ বুলি ঘোষণা কৰা পিছতে Nusrat Jahanৰ ফটোশ্বুটক লৈ চলিছে চৰ্চা । শেহতীয়াকৈ অন্তঃসত্বা নুছৰতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল এই ফটো।

    Nikhil Jainৰ সৈতে নিজৰ বিবাহক অবৈধ বুলি ঘোষণা কৰা পিছতে Nusrat Jahanৰ ফটোশ্বুটক লৈ চলিছে চৰ্চা । শেহতীয়াকৈ অন্তঃসত্বা নুছৰতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল এই ফটো।

    Nikhil Jainৰ সৈতে নিজৰ বিবাহক অবৈধ বুলি ঘোষণা কৰা পিছতে Nusrat Jahanৰ ফটোশ্বুটক লৈ চলিছে চৰ্চা । শেহতীয়াকৈ অন্তঃসত্বা নুছৰতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল এই ফটো।

    • Share this:
    সততে কেতবোৰ বিতৰ্ক আৰু অবাঞ্চিত কাম-কাজেৰে সংবাদ শিৰোনাম দখল কৰি অহা অভিনেত্ৰী তথা সাংসদ নুছৰত জাহান পুনৰ চৰ্চালৈ আহিছে । বঙালী অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে কিছুদিন ধৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে দখল কৰি আহিছে শিৰোনাম। নুছৰত জাহানে নিজেই তুৰ্কীৰ ব্যৱসায়ী নিখিল জৈনৰ (Nikhil Jain) সৈতে তেওঁৰ বিবাহক অবৈধ বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকী অন্তঃসত্বা হোৱাৰ খবৰো বিয়পি পৰিছে। ব্যক্তিগত জীৱনৰ এনেবোৰ কথা-বতৰা আৰু অস্থিৰতাৰ মাজতে এতিয়া অভিনেত্ৰী নুছৰত জাহানৰ এটা চুইমিং ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টো নুছৰতৰ শেহতীয়া ফটোশ্বুটৰ সময়ৰ আৰু অভিনেত্ৰীগৰাকীয়ে নিজেই এইটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

    নুছৰতৰ অন্তঃসত্বা হোৱাৰ বাতৰি তেওঁৰ বেবী বাম্পৰ ফটো পোহৰলৈ অহাৰ পিছতেই গম পোৱা গৈছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই এখন ফটো শ্বেয়াৰ কৰিছে য'ত তেওঁৰ বেবী বাম্প স্পষ্টকৈ দেখা পোৱা গৈছে। অন্তঃসত্বা নুছৰতক ভাইৰেল ভিডিঅ'টোত চুইমিং পুলত ফটোশ্বুট কৰা দেখা গৈছে। ইয়াৰ বাবে তেওঁ এটা ডিজাইনাৰ গাউন পিন্ধি আছে আৰু চকুত স্মকী আই মেকআপৰ সৈতে এক অনন্য ৰূপত দেখা গৈছে। নুছৰতে ভিডিঅ'টোৰ কেপচনত লিখিছে 'No Risk No Story'








    View this post on Instagram






    A post shared by Nusrat (@nusratchirps)






    নুছৰত জাহানে নিজৰ বিবাহক অবৈধ বুলি কৈছিল -

    ৯ জুনত নুছৰতে উল্লেখ কৰে যে নিখিল জৈনৰ সৈতে তেওঁৰ বিবাহ আইনী বিবাহ নাছিল, আছিল এক লিভ-ইন সম্পৰ্কহে কিয়নো তুৰ্কীত হোৱা তেওঁলোকৰ বিবাহে ভাৰতীয় আইনৰ অধীনত মান্যতা লাভ কৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে এক বিবৃতি জাৰি কৰিছিল যে যিহেতু তেওঁৰ বিবাহ নিখিল জৈনৰ সৈতে তুৰ্কীৰ নিয়মৰ অধীনত হৈছিল,গতিকে ভাৰতত এই বিবাহ অবৈধ।

    নুছৰতে তেওঁৰ বিবৃতিত লগতে উল্লেখ কৰিছিল, 'যিহেতু ই এক আন্তঃধৰ্মীয় বিবাহ আছিল, সেয়েহে ইয়াক ভাৰতত বিশেষ বিবাহ আইনৰ অধীনত স্বীকৃতিৰ প্ৰয়োজন, যিটো এতিয়াও প্ৰাপ্ত হোৱা নাই। আইন অনুসৰি এয়া বিবাহ নহয়, কিন্তু এটা সম্বন্ধ অথবা লিভ-ইন ৰিলেশ্যনশ্বিপ।

    ২০১৯ চনত হৈছিল বিবাহ

    জাহানে ২০১৯ চনত তুৰ্কীত জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, য'ত নিৰ্বাচিত লোকসকলে অংশগ্ৰহণ কৰিছিল। ২০১৯ ৰ লোকসভা নিৰ্বাচনত টিএমচিৰ টিকটত জয়ী হোৱা জাহানে পিছত কলকাতাৰ এখন পঞ্চতাৰকাযুক্ত হোটেলত এক বিশাল বিবাহ অনুষ্ঠানৰ আয়োজন কৰিছিল, য'ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। নুছৰতে নিজৰ বিবাহ সম্পৰ্কে এইধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ লগতে আৰু কৈছিল যে বৰ্তমান তেওঁ নিখিল জৈনৰ পৰা পৃথকে আছে আৰু তেওঁ অন্তঃসত্বা।
    First published: