• Home
  • »
  • News
  • »
  • kolkata
  • »
  • Partha Chatterjee Arpita Mukherjee: অনলাইনত বিক্ৰী হোৱা টকাৰ ছবি থকা চাৰ্টত ছপালে পাৰ্থ চেটাৰ্জী-অৰ্পিতা মুখাৰ্জীৰ নাম

Partha Chatterjee Arpita Mukherjee: অনলাইনত বিক্ৰী হোৱা টকাৰ ছবি থকা চাৰ্টত ছপালে পাৰ্থ চেটাৰ্জী-অৰ্পিতা মুখাৰ্জীৰ নাম

ভাইৰেল হোৱা এই চাৰ্টটোতো কেৱল ৫০০ আৰু ২০০০ টকাৰ নোটৰ ছবিহে দেখা যায়, যাৰ বাবেই হয়তো মানুহে এই চাৰ্টটো পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জীৰ সৈতে সংযোগ কৰিছে।

ভাইৰেল হোৱা এই চাৰ্টটোতো কেৱল ৫০০ আৰু ২০০০ টকাৰ নোটৰ ছবিহে দেখা যায়, যাৰ বাবেই হয়তো মানুহে এই চাৰ্টটো পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জীৰ সৈতে সংযোগ কৰিছে।

ভাইৰেল হোৱা এই চাৰ্টটোতো কেৱল ৫০০ আৰু ২০০০ টকাৰ নোটৰ ছবিহে দেখা যায়, যাৰ বাবেই হয়তো মানুহে এই চাৰ্টটো পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জীৰ সৈতে সংযোগ কৰিছে।

  • Share this:
পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জী (Partha Chatterjee and Arpita Mukherjee)ক গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা মিম। ‘পাৰ্থ-অৰ্পিতাৰ চাৰ্ট বজাৰত উপস্থিত হৈছে’ বুলি লিখা কেইবাটাও পোষ্ট এটা চাৰ্টৰ ছবিৰ সৈতে ভাইৰেল (Viral Meme) হৈপৰিছে। দূৰ্গা পূজা (Durga Puja) ওচৰ চাপিছে আৰু প্ৰতি বছৰে কিছুমান নতুন পূজা কালেকচনৰ এনেদৰে প্ৰচাৰ কৰা হয়। অৱশ্যে এইবাৰ প্ৰচাৰ চলি আছে সম্পূৰ্ণ ইতিকিঙৰ সুৰত।

এটা অতি জনপ্ৰিয় ই-মাৰ্কেটিং কোম্পানীয়ে নিজৰ প্লেটফৰ্মত এই চাৰ্টটো বিক্ৰী কৰি আছে। এতিয়া সেই ছবিখন লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন মিম ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। কিন্তু এই চাৰ্টটো বিক্ৰী কৰা কোম্পানীটোৱে ঠিক কেতিয়া এই চাৰ্টটোৰ বজাৰত এৰিব সেয়া এতিয়ালৈকে স্পষ্ট নহয়। কিন্তু এই চাৰ্টটো এতিয়া চৰ্চাৰ গৰম বিষয় হৈ পৰিছে।

৫ আগষ্টত অৰ্থাৎ শুকুৰবাৰে এছ এছ চিৰ দুৰ্নীতিৰ গোচৰত পাৰ্থ চট্টোপাধ্যায় আৰু অৰ্পিতা মুখাৰ্জীক ১৪ দিনৰ কাৰাগাৰৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল আদালতে। ইতিমধ্যে ইডিয়ে অৰ্পিতা মুখাৰ্জীৰ ২টা ফ্লেটৰ পৰা প্ৰায় ৫০ কোটি টকাৰ লগতে বিপুল পৰিমাণৰ সোণ উদ্ধাৰ কৰিছে। ইয়াৰ পিছতো অৰ্পিতা মুখাৰ্জী আৰু পাৰ্থ চেটাৰ্জীৰ সম্পত্তি থকা ঠাইবোৰত ইডিৰ বিষয়াসকলে এতিয়াও তদন্ত কৰি আছে আৰু ক’ৰবাত আৰু কিবা টকা বা গহনা লুকুৱাই ৰখা হৈছে নেকি?

ইডিৰ বিষয়াসকলে অৰ্পিতা মুখোপাধ্যায়ৰ ফ্লেটৰ পৰা ৫০০ টকা আৰু ২০০০ টকাৰ বাণ্ডিল উদ্ধাৰ কৰিছিল। ভাইৰেল হোৱা এই চাৰ্টটোতো কেৱল ৫০০ আৰু ২০০০ টকাৰ নোটৰ ছবিহে দেখা যায়, যাৰ বাবেই হয়তো মানুহে এই চাৰ্টটো পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জীৰ সৈতে সংযোগ কৰিছে। কিন্তু এতিয়া প্ৰশ্নটো হ’ল, যদি সঁচাকৈয়ে এই চাৰ্টটো এনে কোনো বিজ্ঞাপনৰ ইংগিত কঢ়িয়াই নিবলৈ বজাৰত বিক্ৰী কৰা হৈছে, তেন্তে প্ৰশ্নটো হ’ল যে আচলতে আইনমতে এনেদৰে প্ৰচাৰ কৰিব পৰা যায় নেকি?

কিন্তু এই বিষয়টোক লৈ কোনো আইনী জটিলতাৰ সৃষ্টি হোৱা নাই। অৱশ্যে ই-মাৰ্কেটিং কোম্পানীটোৰ ৱেবছাইটত কেইবাজনো গ্ৰাহকেও চাৰ্টটোৰ বিষয়ে ৰিভিউ কৰিছিল যদিও তেওঁলোকৰ কোনোৱেই কোনো নেতিবাচক মন্তব্য কৰা নাছিল।
Published by:Manjumoni Borah
First published: