দীঘলীয়া তদন্তৰ অন্তত অৱশেষত প্ৰবৰ্তন নিৰ্দেশালয় (Enforcement Directorate) য়ে বংগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখোপাধ্যায়ক গ্ৰেপ্তাৰ কৰিছিল। পাৰ্থ চেটাৰ্জী সম্প্ৰতি প্ৰেচিডেন্সী কাৰাগাৰত আছে। অৰ্পিতা মুখাৰ্জীক বদলি কৰা হৈছে আলিপুৰ কাৰাগাৰলৈ। আজি শেষ হ’ল পাৰ্থ আৰু অৰ্পিতাৰ কাৰাদণ্ড। কিন্তু আজিৰ দিনটোতে অৰ্পিতা মুখাৰ্জী আৰু পাৰ্থ চেটাৰ্জীক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হয়। পাৰ্থ চেটাৰ্জীৰ অধিবক্তাই তাত গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ আশংকাও প্ৰকাশ কৰে।
পাৰ্থ চেটাৰ্জীৰ অধিবক্তাই কয়, "মোৰ ক্লায়েণ্টৰ অৰ্থপেডিক, নেফ্ৰ’লজীৰ সমস্যা আছে। হিম’গ্লবিনৰ মাত্ৰা অতি কম, গতিকে মোৰ ক্লায়েণ্টৰ মৃত্যু হ’ব পাৰে।" তেওঁ লগতে কয়, "মোৰ ক্লায়েণ্টৰ ঘৰৰ পৰা কোনো ধন উদ্ধাৰ কৰা হোৱা নাছিল। মোৰ ক্লায়েণ্টৰ নাম জড়িত কৰা হৈছে। মোৰ ক্লায়েণ্টৰ ঘৰৰ পৰা কোনো ধৰণৰ টকা উদ্ধাৰ কৰা হোৱা নাছিল। লাভ কৰা নিযুক্তি কাগজ সমূহ তেওঁৰ শিক্ষামন্ত্ৰী হিচাপে থকাৰ কাৰ্যকালৰ। সেই কাগজ-পত্ৰবোৰ কাৰ্যালয়ত জমা দিয়া হোৱা নাছিল।" ইতিমধ্যে, ইডিৰ জিম্মাত ১৪ দিনৰ পৰা পাৰ্থ চেটাৰ্জীয়ে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াই আহিছে।
পাৰ্থৰ শাৰীৰিক অৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বাইপাছ পদ্ধতি অনুসৰণ কৰি মোৰ ক্লায়েণ্টক অক্সিজেনৰ প্ৰয়োজন। SSKM কৰ্তৃপক্ষই এটা বিশেষ দল গঠন কৰিছিল। তেওঁলোকে এই তথ্য আগবঢ়াইছে। ইডিয়ে কয় যে পাৰ্থ চেটাৰ্জীৰ নাম মনোনীত কৰি কেইবাটাও এল আই চি জড়িত হৈ পৰিছে। গভীৰ ষড়যন্ত্ৰৰ বলি হৈছে পাৰ্থ চেটাৰ্জী। ইয়াত তেওঁৰ কোনো ভূমিকা নাই।'' পাৰ্থৰ অধিবক্তাই লগতে কয়, "তেওঁ জেলৰ বাথৰুমৰ অৱস্থা বেয়া, মজিয়াত শুবলগীয়া হৈছে। এনে হ’লে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।"
এফালে জামিন আবেদন পাৰ্থ চেটাৰ্জীয়ে কৰিছিল যদিও অৰ্পিতা মুখাৰ্জীয়ে জামিন আবেদন কৰা নাছিল। প্ৰসংগক্ৰমে প্ৰেচিডেন্সি চেণ্ট্ৰেল কাৰেকচনেল চেণ্টাৰৰ নিজা এপ আছে যাৰ পৰা আদালতৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰি। আজিৰ শুনানিত এনেদৰেই জড়িত আছে পাৰ্থ আৰু অৰ্পিতা। এতিয়াৰ বাবে ভাৰ্চুৱেল শুনানিত পাৰ্থ চেটাৰ্জীৰ বাবে কি সিদ্ধান্ত লোৱা হ’ব সেয়া সকলোৱে চোৱা-চিতা কৰি আছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|