உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • kolkata
    • »
    • Model Manjusha Niyogi Death: পুনৰ মডেল–অভিনেত্ৰীৰ অস্বাভাৱিক মৃত্যু, বিদিশাৰ বান্ধৱী মঞ্জুষা নিয়োগীৰ মৃতদেহ উদ্ধাৰ

    Model Manjusha Niyogi Death: পুনৰ মডেল–অভিনেত্ৰীৰ অস্বাভাৱিক মৃত্যু, বিদিশাৰ বান্ধৱী মঞ্জুষা নিয়োগীৰ মৃতদেহ উদ্ধাৰ

    মঞ্জুষাৰ মৃতদেহ উদ্ধাৰ হয় পাটুলিৰ ফ্লেটৰ পৰা। শুকুৰবাৰে পুৱা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

    মঞ্জুষাৰ মৃতদেহ উদ্ধাৰ হয় পাটুলিৰ ফ্লেটৰ পৰা। শুকুৰবাৰে পুৱা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

    মঞ্জুষাৰ মৃতদেহ উদ্ধাৰ হয় পাটুলিৰ ফ্লেটৰ পৰা। শুকুৰবাৰে পুৱা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

    • Share this:
    এইবাৰ বিদিশাৰ বান্ধৱীৰ মৃতদেহ উদ্ধাৰ। মৃত অভিনেত্ৰীগৰাকীৰ নাম মঞ্জুষা নিয়োগী। আজি, শুকুৰবাৰে পুৱা পশ্চিম বংগৰ পাটুলিৰ ঘৰৰ পৰা উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ। বিদিশাৰ মৃত্যুৰ পিছতে মানসিক অৱসাদত ভুগিছিল মঞ্জুষা, দাবী পৰিয়ালৰ।

    মঞ্জুষাৰ মৃতদেহ উদ্ধাৰ হয় পাটুলিৰ ফ্লেটৰ পৰা। শুকুৰবাৰে পুৱা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মানসিক অৱসাদত ভুগিছিল মডেল–অভিনেত্ৰীগৰাকী। বিদিশা আৰু মঞ্জুষা ঘনিষ্ঠ বান্ধৱী আছিল বুলি দাবী পৰিয়ালৰ।

    ইফালে, কি কাৰণত মডেল বিদিশা দে মজুমদাৰৰ মৃত্যু হ’ল? মানসিক অৱসাদৰ বাবেই নেকি আত্মঘাতী? এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়াও ওলোৱা নাই।

    বিদিশা দে মজুমদাৰ এগৰাকী উদীয়মান মডেল। কেৰিয়াৰ আৰম্ভ হৈছিল। ইয়াৰ মাজতে হঠাৎ ছন্দপতন। হঠাৎ মৃত্যু। কিন্তু কিয়? কিয় এইদৰে শেষ হৈ গ’ল বিদিশাৰ জীৱন? আৰক্ষীৰ দাবী, মৃত মডেলগৰাকীৰ ঘৰৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ হৈছে, য’ত পোৱা গৈছে দুটা সূত্ৰ।

    প্ৰথম সূত্ৰ, কেৰিয়াৰ সংক্ৰান্তীয় সমস্যাত ভুগিছিল বিদিশা। দ্বিতীয় সূত্ৰ, অৱসাদৰো চিকাৰ হৈছিল।
    Published by:Sanjay Kumar Das
    First published: