ছদিন পূৰ্বে মাতৃৰ মৃত্যু হৈছে কোভিডত, কিন্তু সন্তান এতিয়া পলাই ফুৰিছে ভিন ৰাজ্যত। কিয়?

News18 Assam | News18-Assam
Updated:May 5, 2021, 12:48 PM IST
ছদিন পূৰ্বে মাতৃৰ মৃত্যু হৈছে কোভিডত, কিন্তু সন্তান এতিয়া পলাই ফুৰিছে ভিন ৰাজ্যত। কিয়?
মঙলবাৰে পুৱা TMCৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে মেঘু দাসৰ বাসভৱন। কাৰণ নিৰ্বাচনত তেওঁ বিজেপিক ভোট দিছিল। লগে লগে সেই অৱস্থাতে কোনো মতে প্ৰাণটো লৈ অসমলৈ পলাই আহে মেঘু দাস।

মঙলবাৰে পুৱা TMCৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে মেঘু দাসৰ বাসভৱন। কাৰণ নিৰ্বাচনত তেওঁ বিজেপিক ভোট দিছিল। লগে লগে সেই অৱস্থাতে কোনো মতে প্ৰাণটো লৈ অসমলৈ পলাই আহে মেঘু দাস।

  • Share this:
পশ্চিম বংগৰ কোচবিহাৰৰ পূব ঝাউকুঠী বিধানসভা সমষ্টিৰ ৪০ বছৰীয়া মেঘু দাস নামৰ লোকজনে মাতৃৰ মৃত্যুৰ ব্ৰত পাহৰি পলাই ফুৰিছে নিজ ঘৰ বাৰী এৰি। এনেকুৱাই হৈছে পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা।

ছদিন পূৰ্বে মাতৃ সৰস্বতী দাসৰ কোভিড19ত মৃত্যু হৈছিল আৰু ধৰ্মীয় নিয়ম মতে মেঘু দাস ব্ৰতত ঘৰতে আছিল মঙলবাৰলৈ। কিন্তু অভিযোগমতে মঙলবাৰে পুৱা TMCৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে তেওঁৰ বাসভৱন। কাৰণ নিৰ্বাচনত তেওঁ বিজেপিক ভোট দিছিল। লগে লগে সেই অৱস্থাতে কোনো মতে প্ৰাণটো লৈ অসমলৈ পলাই আহে মেঘু দাস। বৰ্তমানে আন প্ৰায় তিনিশ লোকৰ লগতে তেওঁ ভয় আতংকত নিশা যাপন কৰিছে ধুবুৰী জিলাৰ আগমনী থানাৰ ৰণপাগলী গাঁৱৰ এটা ক্লাৱ ঘৰত।

চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ বিভিন্ন স্থানত নিৰ্বাচনৰ পিছত ব্যাপক নিৰ্বাচনী হিংসাৰ ফলশ্ৰুতি এয়া। তৃতীয়বাৰলৈ তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ  শাসন ভাৰ দখল কৰাৰ পিছত তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে  বিজেপি আৰু আন দলৰ নেতা কৰ্মী, সমৰ্থক আৰু  পৰিয়ালৰ ওপৰত চলাইছে ভয়াৱহ আক্ৰমণ ।

কেৱল সেয়াই নহয় ঘৰ-বাৰী ভাঙি অগ্নি সংযোগ কৰাৰ লগতে মহিলাসকলৰ লগত অশালীন আচৰণ কৰাৰো অভিযোগ কৰিছে পলাই অহা একে গাঁৱৰে ৰীতা দাস নামৰ মহিলাগৰাকীয়ে।

কেৱল এয়াই নহয় ঘৰত আক্ৰমণ কৰি ঘৰৰ লোক পলাই যোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ঘৰৰ ভিতৰত থকা চাউল, ধান, পোহনীয়া জীৱ-জন্তু TMCৰ মানুহে লৈ যোৱা বুলি অভিযোগ কৰে পূব ঝাউকুঠী গাঁৱৰ নজমুল হকে।

তৃণমূলৰ আক্ৰমনত প্ৰানৰ ভয়ত ঘৰ-বাৰী এৰি  বিজেপি আৰু আন দলৰ নেতা কৰ্মী আৰু পৰিয়ালৰ লোকে  আশ্ৰয়ৰ বাবে অসমত প্ৰৱেশ কৰি আছে । গোলকগঞ্জৰ বংগ সীমান্তৱৰ্তী ৰণপাগলী গাঁৱত মংগলবাৰৰ পৰা কেবা শতাধিক পুৰুষ মহিলাই আশ্ৰয় গ্ৰহণ কৰে ক্লাৱ আৰু বিভিন্নজনৰ ঘৰত ।

বৰ্তমানে ধুবুৰী জিলা প্ৰসাশন আৰু স্থানীয় লোকৰ সহযোগত উক্ত ৰাজনৈতিক শৰণাৰ্থীসকলক খোৱাবোৱাৰ লগতে নিশা কটাবলৈ বাসস্থানৰ অস্থায়ী ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হৈছে।
Published by: Manjumoni Borah
First published: May 5, 2021, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি