মূলত: ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ যোগদান কৰোৱা সুস্মিতাক লৈ আশাবাদী বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
মূলত: ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ যোগদান কৰোৱা সুস্মিতাক লৈ আশাবাদী বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ আসন অলংকৃত কৰা শিলচৰৰ সাংসদ সুস্মিতা দেৱক উচিত সন্মান দিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সেয়ে সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তন সাংসদগৰাকীক তৃণমূল কংগ্ৰেছে ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ চিন্তা-চৰ্চা কৰিছে। ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই সুস্মিতা দেৱক পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণৰ বাবে আলোচনাত মিলিত হৈছে।
সকলো ঠিকেই থাকিলে সুস্মিতা হ'ব বহিঃৰাজ্যৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা ৰাজনীতিবিদ। মূলত: ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ যোগদান কৰোৱা সুস্মিতাক লৈ আশাবাদী বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
বৰাকৰ ৰাজনীতিত শক্তিশালী ভেটি থকা প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ হাতত পৰাজিত হৈছিল যদিও কংগ্ৰেছৰ সাংগঠনিক দিশত যথেষ্ট সক্ৰিয়তাৰে কাম-কাজ অব্যাহত ৰাখিছিল। বাকপটু নেত্ৰী সুস্মিতাৰ কংগ্ৰেছ ত্যাগৰ পিছত বৰাক কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছৰো যথেষ্ট ক্ষতি হৈছে। এইগৰাকী সুস্মিতা দেৱকে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইবাৰ ত্ৰিপুৰাত তৃণমূলৰ নেতৃত্ব দিয়াৰ বাবে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|