একেৰাহে তৃতীয়বাৰৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে মমতা বেনাৰ্জীয়ে। আজি ৰাজভৱনত ৰাজ্যপাল জগদ্বীপ ধানকাৰৰ ওচৰত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে মমতাই।
নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়েই কোভিডৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰে মমতাই। নতুন চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ কোভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰটোৱেই বুলি উল্লেখ কৰি শপত গ্ৰহণ কৰিয়েই কোভিড পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হয় মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।
উল্লেখ্য যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি একেৰাহে তৃতীয়বাৰলৈ পশ্চিম বংগৰ শাসন দখল কৰিবলৈ সক্ষম হৈছে মমতা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ। ২০১১ৰ পৰা ক্ৰমাগতভাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈ হেটট্ৰিক কৰিলে মমতা বেনাৰ্জীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|