Lightning : পশ্চিমবংগত সোমবাৰে বজ্ৰপাতত নিহত হয় ২৭ জন লোক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ।

News18 Assam | News18-Assam
Updated:June 7, 2021, 11:54 PM IST
Lightning : পশ্চিমবংগত সোমবাৰে বজ্ৰপাতত নিহত হয় ২৭ জন লোক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ।
representative image

নিহতসকলৰ আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য আৰু আহতসকলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 

  • Share this:
পশ্চিমবংগত সোমবাৰে বজ্ৰপাতত নিহত হয় ২৭ জন লোকৰ। কেইবাটাও পৃথক পৃথক বজ্ৰপাতৰ ঘটনাত  ২৭ জন লোকৰ মৃত্যু হয়।

কেৱল হুগলী জিলাতে বজ্ৰপাতত ১১ জনে প্ৰাণ হেৰুৱায়। মুৰ্শিদাবাদত মৃত্যু হয় ৯জনৰ। পশ্চিম মেদিনীপুৰৰ চন্দ্ৰকোণাত ২ জনৰ, বংকুৰাত এজনৰ আৰু নদিয়া জিলাৰ নবদ্বীপ এলেকাতো এজন লোকে বজ্ৰপাতত প্ৰাণ হেৰুৱায়।

এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইট যোগে শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য আৰু আহতসকলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে।
Published by: Manjumoni Borah
First published: June 7, 2021, 11:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি