ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা সংহাৰৰ সময়ত অক্সিজেন যোগানক লৈ হাহাকাৰৰ সৃষ্টি হৈছিল, নাটনি হৈছিল চিকিত্সালয়ৰ ভেণ্টিলেটৰৰ। সেই অসুবিধাৰ অৱসান ঘটাবলৈকে কলকাতাৰ বিজ্ঞানী ডঃ ৰমেন্দ্ৰ লাল মুখাৰ্জীয়ে প্ৰস্তুত কৰি উলিয়াইছে পকেট ভেণ্টিলেটৰ।
ক’ভিড আক্ৰান্ত হৈয়ে হওক বা এজ্মা বা আন ৰোগৰ বাবে উসাহ নিসাহৰ অসুবিধা পালে এই পকেট ভেণ্টিলেটৰৰ জড়িয়তে সহজতে লাভ কৰিব পাৰিব অক্সিজেন। হাতৰ মুঠিতে এটা বুটামেৰে নিয়ন্ত্ৰণ কৰিব পাৰিব অক্সিজেনৰ পৰিমান। বেটাৰী চালিত ভেণ্টিলেটটো মেবাইল চাৰ্জেৰেৰে চাৰ্জ কৰিব পাৰিব আৰু এবাৰ চাৰ্জ কৰিলে ভেণ্টিলেটৰটো ৮ ঘণ্টা পৰ্যন্ত চলিব । ডঃ মুখাৰ্জীয়ে কোৱা মতে ১০ পৰা ১২ হাজাৰ টকাৰ ভিতৰতে বজাৰত উপলব্ধ হ’ব পাৰে পকেট ভেণ্টিলেটৰটো।
মাত্ৰ ২৫০ গ্ৰাম ওজনৰ ভেণ্টিলেটৰটোত দুটা ভাগ আছে। ভেণ্টিলেটাৰ ইউনিট আৰু পাৱাৰ ইউনিট। পাৱাৰ উইনিটৰ ছুইছ অন কৰিলেই বায়ু মণ্ডলৰ পৰা বায়ু গ্ৰহণ কৰি অতি বেঙুণীয়া ৰশ্মিৰ সহায়ত বিৰুদ্ধিকৰণেৰে অক্সিজেন যোগান ধৰে।
এই পকেট ভেণ্টিলেটৰৰ উদ্ভাৱক ডঃ ৰমেন্দ্ৰ লাল মুখাৰ্জী এগৰাকী অভিযন্তা। তেঁওৰ নামত আছে ৩০ টাতকৈয়ো অধিক বৈজ্ঞানীক উদ্ভাৱনৰ পেটেণ্ট। লাভ কৰিছে বিভিন্ন বঁটা, সন্মান। এই গৰাকী বিজ্ঞানী তথা অভিযন্তাগৰাকী কিছু দিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল। অক্সিজেনৰ লেভেলো হ্ৰাস পাইছিল। সেই সময়তে অক্সিজেন যোগানৰ বাবে টেলি মিডিচিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ডঃ মুখাৰ্জীয়ে। ক’ভিডৰ সংক্ৰমণৰ পৰা সুস্থ হৈয়ে অনলাইন যোগে প্ৰয়োজনীয় সামগ্ৰীসমূহ মগাই আনি বিশিষ্ট উদ্ভাৱক গৰাকীয়ে প্ৰস্তুত কৰি উলিয়ালে পকেট ভেণ্টিলেটৰ।
এতিয়া পকেট ভেণ্টিলেটৰ নিৰ্মাণৰ স্বত্ব বিচাৰি আমেৰিকাৰ কেইবাটাও কোম্পানীয়ে ডঃ মুখাৰ্জীৰ সৈতে যোগাযোগ কৰিছে। অনাগত দিনত ক’ভিড-আক্ৰান্ত তথা শ্বাস প্ৰশ্বাসত অসুবিধাত ভোগা লোকসকলক ডঃ মুখাৰ্জীৰ উদ্ভাৱনে বিশেষ ভাবে উপকৃত কৰিব।
Published by: Kokil Sarma
FIRST PUBLISHED : June 16, 2021, 14:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|