Mamatamoyee Canteen : নিৰন্নসকলে পূজাৰ কেইদিনত মমতাময়ী কেণ্টিনত খাবলৈ পাব মাংস-ভাত ।
কোৰোণা মহামাৰীয়ে যোৱা দুবছৰত সকলোৰে কঁকাল ভাঙিলে। এনে বহুতো পৰিয়াল আছে যি দুবেলা দুসাজ দাইল-ভাতো ভালদৰে খাবলৈ পোৱা নাই ! ইয়াৰ মাজতে আকৌ এতিয়া দুৰ্গাপূজাৰ আনন্দময় বতৰ। এনে সময়ত কোনোবাই জানো পেটত ভোকৰ জ্বালা লৈ পূজাৰ আনন্দ উপভোগ কৰিব পাৰে! সেই কথা ভাবিয়েই এইজন লোকে পূজাৰ থলীত আয়োজন কৰিছে মমতা কেণ্টীনৰ।
কলকাতা পৌৰসভাৰ ১০৭ নং ৱাৰ্ডৰ বাসিন্দা তথা ৱাৰ্ড সমন্বয়ক সুশান্ত ঘোষে যোৱা বাৰৰ দৰেই এইবাৰো পূজাত 'মমতাময়ী কেণ্টীন' (Mamatamoyee Canteen) মুকলি কৰিছে। এই মমতাময়ী কেণ্টীনত দৰিদ্ৰ ভক্তসকলক মাংস-ভাতেৰে এসাজ খোৱাৰ ব্যৱস্থা কৰিছে সুশান্ত ঘোষে।
সুশান্ত ঘোষে কয়, "এনে বহুতো দৰিদ্ৰ পৰিয়াল আছে যিয়ে পূজাৰ সময়ত ভালদৰে খাবলৈও নাপায়, তেওঁলোকে গোটেই বছৰটোত আধাপেট আহাৰ খায়। পূজাৰ এই কেইটা দিনত ষষ্ঠীৰ পৰা দশমীলৈকে ৱাৰ্ডত ৫০০ জন লোকক মই মাংসৰ তৰকাৰীৰে ভাত খুৱাম। কিন্তু অষ্টমী পূজাৰ দিনা সকলোৱে নিৰামিষ আঞ্জা ভাত পাব। দিনত দেখা গৈছিল যে বহু লোকে আগ্ৰহেৰে মমতাময়ী কেণ্টীনত খাবলৈ থিয় হৈ আছিল।
মমতাময়ী কেণ্টীনত খাবলৈ কোনো ধনৰ দৰকাৰ নাই। দেখা গৈছিল যে মুৰ্গী মাংস, মাহজাতীয় শস্য, তৰকাৰী আৰু ভাত ৰন্ধা হৈছিল আৰু প্ৰতিবিধ খাদ্যৰে মান বজাই ৰখা হৈছে। সুশান্ত ঘোষে কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশতে এই কেণ্টীনৰ ব্যৱস্থা কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|