শেহতীয়াকৈ UNESCO’ই ‘মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য’ (Intangible Cultural Heritage of Humanity) হিচাপে তালিকাভুক্ত কৰা কলকাতাৰ দুৰ্গা পূজা এইবাৰ আৰু বিশেষ হ’ব। এই উপলক্ষে আজি বৃহস্পতিবাৰে আয়োজন কৰা হৈছে এক বৃহৎ ৰেলী। কাৰ্নিভালৰ বাবে উপযুক্ত স্থানলৈ ৰূপান্তৰিত কৰা কলকাতাৰ আটাইতকৈ ব্যস্ত পথটোৱে এতিয়া বৃহৎ মঞ্চ, দুৰ্গাৰ মূৰ্তি আৰু পোষ্টাৰৰ সৈতে উৎসৱমুখৰ ৰূপ বহন কৰিছে। ৰাজ্যত পূজা উৎসৱৰ আৰম্ভণি হিচাপে গণ্য কৰা হৈছে এই সমাৱেশক।
পূজা ৰেলীত কলকাতা, নৰ্থ ২৪ পৰগনা, দক্ষিণ ২৪ পৰগনা, হাওড়া আৰু ছল্ট লেকৰ ২৫০০ৰো অধিক কমিটিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অনুষ্ঠানৰ নেতৃত্ব দিব, য’ত বিভিন্ন স্তৰৰ লোকসকল একত্ৰিত হ’ব। বিদ্যুৎ বিলত আংশিক ৰেহাই দিয়াৰ লগতে সকলো পূজা সমিতিলৈ ৬০ হাজাৰ টকাকৈ অনুদান প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
‘ফ’ৰাম ফৰ দুৰ্গোৎসৱ' এও এই ৰেলীত অংশগ্ৰহণ কৰিব। ‘ফ’ৰাম ফৰ দুৰ্গোৎসৱ’ৰ সম্পাদক সাস্বতা বসুৱে কয়, ‘এয়া এক ঐতিহাসিক অনুষ্ঠান আৰু ৰাজ্যৰ বাবে এক বৃহৎ সন্মান।
জিলাসমূহত ‘লক্ষ্মীৰ ভাণ্ডাৰ’ৰ হিতাধিকাৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰায় ৫০০ৰ পৰা ৭৫০ গৰাকী মহিলা প্ৰতিনিধিয়ে এই ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব। ‘পদযাত্ৰা’ৰ বাবে কমিটীসমূহক নিজাকৈ বেনাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে আৰু এখন জিলাৰ ১০০ জন লোকপ্ৰসাৰ শিল্পীয়েও এই কাৰ্যসূচীত যোগদান কৰিব পাৰিব।
এই কাৰ্যসূচীৰ বাবে তিনিটা মঞ্চ স্থাপন কৰা হৈছে: এটা মূল মঞ্চ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু ইউনেস্কোৰ সদস্যসকলৰ বাবে, এটা পৰিবেশক শিল্পীৰ বাবে আৰু আনটো ফ’ৰাম ফৰ দুৰ্গোৎসৱৰ সদস্য আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ বাবে।
এস্প্লেনেড এলেকাত ১০ টাতকৈও অধিক এল ই ডি স্ক্ৰীণ স্থাপন কৰা হৈছে য’ত ১২ হাজাৰ লোকৰ বাবে বহাৰ ব্যৱস্থা কৰা হৈছে।
বেনাৰ্জীয়ে কয়, ‘ইউনেস্ক’ৰ লোকসকল থকাৰ বাবে এইটো এটা ডাঙৰ কথা হ’ব, আমি সকলোৱে তেওঁলোকক ধন্যবাদ দিম। প্ৰতিটো ক্লাবেও নিজৰ নিজৰ ধৰণেৰে ৰেলীৰ বাবে সাজু হৈছে। ‘ঢাকি’ (ঢোলবাদক)ৰ পৰা আৰম্ভ কৰি কুমাৰতুলীৰ মৃৎশিল্পীলৈকে সকলো মেগা শ্ব’ৰ বাবে থাকিব।"
ইতিমধ্যে ইউনেস্কোৰ প্ৰতিনিধি কলকাতাত উপস্থিত হৈ এই সমাৱেশক লৈ উৎফুল্লিত হৈ পৰিছে। ৰাজ্য চৰকাৰে দুৰ্গা পূজাৰ জৰিয়তে পশ্চিম বংগৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|