মুখ্যপৃষ্ঠা »খবৰ »কলকাতা »KIFF 2022: ২৮ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

KIFF 2022: ২৮ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

এইবাৰৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আজি অৰ্থাৎ ১৫ ডিচেম্বৰৰ পৰা অহা ২২ ডিচেম্বৰলৈকে চলিব।

এইবাৰৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আজি অৰ্থাৎ ১৫ ডিচেম্বৰৰ পৰা অহা ২২ ডিচেম্বৰলৈকে চলিব।

এইবাৰৰ কলকাতা চলচ্চিত্ৰ মহোৎসৱত ৪২খন দেশৰ মুঠ ১৮৩খন ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত প্ৰতিযোগিতা শাখাত ৬৬ খন ছবি আছে। এইবাৰ মুঠ পাঁচটা ভিন্ন প্ৰতিযোগিতামূলক শাখা।

  • Share this:
দীঘলীয়া অপেক্ষাৰ অৱসান। আজি বৃহস্পতিবাৰে ২৮ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আজিৰ পৰা আগন্তুক ৭ দিনলৈ চলিব এই চলচ্চিত্ৰ মহোৎসৱ। বাংলাৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে এই চলচ্চিত্ৰ মহোৎসৱলৈ আগ্ৰহেৰে বাট চাই থাকে।

এইবাৰৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আজি অৰ্থাৎ ১৫ ডিচেম্বৰৰ পৰা অহা ২২ ডিচেম্বৰলৈকে চলিব। আজি বিয়লি ৪ বজাত কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ। মুকলি সভাত আজি দেখা গ'ল তাৰকাৰ সমাহাৰ। অনুষ্ঠানত টলিউডৰ লগতে উপস্থিত থাকিল বলীউডৰ বহু তাৰকা। মুখ্য অতিথি হিচাপে উপস্থিত আছিল নতুন ৰাজ্যপাল চিভি আনন্দ বসু আৰু বিগ বি অমিতাভ বচ্চন। মমতা বেনাৰ্জীৰ সৈতে বলীউড শ্বেহেনশ্বাহে চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধন কৰে।


আজিৰ উদ্বোধনী অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে সৌৰভ গাংগুলী। তদুপৰি, বিশেষ আমন্ত্ৰিত অতিথিৰূপে মহেশ ভাট আৰু শত্ৰুঘন সিনহাও উপস্থিত থাকও। লগতে বিশিষ্ট অতিথি হিচাপে বাংলাৰ জীয়ৰী জয়া বচ্চন, কুমাৰ চানু, ৰাণী মুখাৰ্জীৰ লগতে অৰিজিত সিং আদিও উপস্থিত থাকে।

উল্লেখযোগ্য যে, নন্দন (১,২,৩), ৰবীন্দ্ৰ সদন, শিশিৰ মঞ্চ, পশ্চিম বংগ বাংলা একাডেমী অডিটৰিয়াম, ফিল্ম চেণ্টেনাৰী ভৱন (ৰাধা ষ্টুডিঅ') আৰু ৰবীন্দ্ৰ ওকাকুৰা ভৱন (ছল্ট লেক), নজৰুল তীৰ্থ (১, ২) - এই সকলোবোৰ প্ৰেক্ষাগৃহতে প্ৰদৰ্শন কৰা হ'ব দেশী-বিদেশী ছবি। এইবাৰ চলচ্চিত্ৰ মহোৎসৱৰ বিষয়বস্তু হৈছে ‘মিট দ্য ৱৰ্ল্ড, এট দ্য ৱৰ্ল্ড অৱ চিনেমা’। হৃষিকেশ মুখোপাধ্যায়ৰ পৰিচালিত আৰু জয়া-অমিতাভ অভিনীত ‘অভিমান’ক উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত কৰা হয়। এই ছবিখন ১৯৭৩ চনত মুক্তি পাইছিল। সন্ধিয়া ৫ বজাৰ পৰা নেতাজী ইনড’ৰ ষ্টেডিয়ামত আজি প্ৰদৰ্শন কৰা হয় ‘অভিমান’।

২৮ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি শাখাত হৃষিকেশ মুখাৰ্জী, ভাৰতী দেৱী, দিলীপ কুমাৰ, অসিত সেন, কে আছিফ, এলেন ৰেনে, আলী আকবৰ খান, পাওলো পাছোলিনিৰ ছবি প্ৰদৰ্শন কৰা হ'ব। জন লু গাদাৰ আৰু তৰুণ মজুমদাৰক বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। এইবাৰৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব দুয়োগৰাকী কিংবদন্তিৰ পৰিচালনাৰ কিছু ছবি।

উল্লেখযোগ্য যে, এইবাৰ অমিতাভ বচ্চনে ৮০ বছৰ সম্পূৰ্ণ কৰে। বিগ বিক সন্মান জনাই চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ ৮খন ছবি প্ৰদৰ্শিত হ’ব। অমিতাভ বচ্চনৰ ছবি গগনেন্দ্ৰ পানাছমালা আৰু নজৰুল তীৰ্থৰ মুকলি ছবি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে নন্দন আৰু নজৰুল তীৰ্থত গদৰ বিষয়ত প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ক্ৰীড়া সম্পৰ্কীয় কেইবাখনো ছবি এইবাৰ প্ৰদৰ্শন কৰা হ’ব। এই তালিকাত ‘৮৩’, ‘এম এছ ধোনি’, ‘চ’ক দে ইণ্ডিয়া’, ‘মেৰী কম’, ‘কনি’ আৰু ‘ভাগ মিলখা ভাগ’ আদি ছবিৰ নাম সন্নিবিষ্ট কৰা হৈছে।

এইবাৰৰ কলকাতা চলচ্চিত্ৰ মহোৎসৱত ৪২খন দেশৰ মুঠ ১৮৩খন ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত প্ৰতিযোগিতা শাখাত ৬৬ খন ছবি আছে। এইবাৰ মুঠ পাঁচটা ভিন্ন প্ৰতিযোগিতামূলক শাখা। আন্তৰ্জাতিক প্ৰতিযোগিতা চলন্ত প্ৰতিচ্ছবিৰ উদ্ভাৱন, ভাৰতীয় ভাষাৰ ওপৰত প্ৰতিযোগিতা, এছিয়ান নিৰ্বাচিত (নেটপেক বঁটা), তথ্যচিত্ৰৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু কল্পকাহিনীৰ ওপৰত চুটি ৰাষ্ট্ৰীয় প্ৰতিযোগিতা। ইয়াৰ উপৰিও দুটা অপ্ৰতিযোগিতামূলক শাখা চিনেমা ইণ্টাৰনেশ্যনেল আৰু বেংগলী পেনোৰামা অনুষ্ঠিত হ’ব।

শেহতীয়া বাতৰি