মামীৰ সৈতে ভাগিনৰ পৰকীয়া প্ৰেমৰ সন্দেহ। সন্দেহবশতঃ মামীক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ ভাগিনৰ শহুৰৰ ঘৰৰ লোকৰ বিৰুদ্ধে। পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে।
সৰু মামীৰ সৈতে ভাগিনৰ পৰকীয়া প্ৰেমৰ অভিযোগ। খঙৰ ভমকত মামীক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ ভাগিনৰ শহুৰৰ ঘৰৰ লোকৰ বিৰুদ্ধে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শহুৰ-শাহুক। মৃত মহিলাগৰাকীৰ নাম জাইতুন নিশা বিবি। ৪৩ বছৰীয়া জাইতুনক নিশা হাস্পতাললৈ লৈ যায় যদিও ডাক্তৰে মৃত ঘোষণা কৰে।
স্থানীয় সূত্ৰ অনুসৰি, ২০১৭ চনত আজগৰ আলীৰ সৈতে আকিদা বিবিৰ বিয়া হৈছিল। মোমায়েকৰ ঘৰতে সৰুৰ পৰা থাকে আজগাৰ আলী। বিয়াৰ পিছৰ পৰাই আৰম্ভ হৈছিল সাংসাৰিক অশান্তি। অভিযোগ- এই অশান্তিৰ মূল কাৰণ আছিল আজগাৰ আৰু সৰু মামীৰ সম্পৰ্কক কেন্দ্ৰ কৰি। আজগাৰৰ পত্নী আকিদা বিবিয়ে মামীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ তুলি প্ৰায়ে পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰিছিল।
কিন্তু বৃহস্পতিবাৰে বিয়লি এই সকলো অশান্তিৰ যৱনিকা পৰে। অভিযোগ অনুসৰি, আকিদাৰ কথা শুনি পিতৃ-মাতৃয়ে ঘৰলৈ আহি বেয়াকৈ মাৰধৰ কৰে আজগৰৰ মামীয়েকক। আৰু গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় জাইতুন। পিছত মহিলাগৰাকীক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ডাক্তৰে মৃত ঘোষণা কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|