• Home
  • »
  • News
  • »
  • kolkata
  • »
  • Kolkata Firing: কলকাতাৰ পাৰ্কষ্ট্ৰীটত সন্ধিয়া ভয়ংকৰ গুলীচালনা, CISF জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ASI

Kolkata Firing: কলকাতাৰ পাৰ্কষ্ট্ৰীটত সন্ধিয়া ভয়ংকৰ গুলীচালনা, CISF জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ASI

Kolkata Firing: অভিযুক্ত জোৱানজন ওড়িশাৰ অক্ষয় কুমাৰ মিশ্ৰা (HC Akshay Kumar Mishra) বুলি জানিব পৰা গৈছে।  মিশ্ৰাৰAK47  ৰাইফলটো জব্দ কৰা হৈছে।

Kolkata Firing: অভিযুক্ত জোৱানজন ওড়িশাৰ অক্ষয় কুমাৰ মিশ্ৰা (HC Akshay Kumar Mishra) বুলি জানিব পৰা গৈছে।  মিশ্ৰাৰAK47  ৰাইফলটো জব্দ কৰা হৈছে।

Kolkata Firing: অভিযুক্ত জোৱানজন ওড়িশাৰ অক্ষয় কুমাৰ মিশ্ৰা (HC Akshay Kumar Mishra) বুলি জানিব পৰা গৈছে।  মিশ্ৰাৰAK47  ৰাইফলটো জব্দ কৰা হৈছে।

  • Share this:
কলকাতাৰ পাৰ্কষ্ট্ৰীট (Parkstreet)ত সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। CISF জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হয় এজন ASI ৰঞ্জিত সাৰংগী (ASI RANJIT SARANGI) আৰু আহত হয় দুজন জোৱান। আহত জোৱান দুজনৰ এজন হৈছে হেড কনিষ্টবল সুবীৰ ঘোষ  AK-47 ৰাইফলেৰে প্ৰায় ২০-২৫ জাঁই গুলীচালনা কৰে অভিযুক্ত জোৱানজনে। ভাৰতীয় সংগ্ৰহালয় চৌহদত সংঘটিত হয় এই ভয়ংকৰ গুলীচালনা (Firing)ৰ ঘটনা। কলকাতা আৰক্ষী (Kolkata Police)ৰ প্ৰায় ডেৰ ঘণ্টা অভিযানৰ অন্তত কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে।

নিজৰ বেৰেকেত এই তাণ্ডৱৰ সৃষ্টি কৰি অৱশেষত আত্মসমৰ্পণ কৰে অভিযুক্ত জোৱানে। অভিযুক্ত জোৱানজন ওড়িশাৰ অক্ষয় কুমাৰ মিশ্ৰা (HC Akshay Kumar Mishra) বুলি জানিব পৰা গৈছে।  মিশ্ৰাৰAK47  ৰাইফলটো জব্দ কৰা হৈছে।

জানিব পৰা মতে, গুলীচালনাৰ পিছত আক্ৰমণকাৰীজনে আগ্নেয়াস্ত্ৰটো তুলি লৈ বেৰেক চৌহদত ঘূৰি ফুৰিছিল ফলত সেই স্থানত উপস্থিত হোৱাৰ পিছতো আৰক্ষীয়ে ভিতৰলৈ সোমাব নোৱাৰিলে আৰক্ষী, পাৰ্ক ষ্ট্ৰীট আৰক্ষী থানাৰ দুৰ্যোগ সঁহাৰি দলে আক্ৰমণকাৰীক নিৰস্ত্ৰ কৰিবলৈ সেই স্থানত উপস্থিত হয়। কলকাতা আৰক্ষীৰ বিশেষ বাহিনী আৰু চিআইএছএফৰ বিশেষ কাৰ্যবাহী বাহিনী আৰু কলকাতা আৰক্ষী আয়ুক্ত ভিনীত গোৱেল উপস্থিত হয়। হাতত বুলেটপ্ৰুফ ভেষ্ট আৰু ড্ৰেগন লাইট লৈ সকলোৱে প্ৰৱেশ কৰে। ইয়াৰ পিছতে ডিচি চেণ্ট্ৰেলৰ নেতৃত্বত এটা দলে অভিযুক্তৰ সৈতে কথা পাতে। তেওঁক নিৰস্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰা হয়।
Published by:Manjumoni Borah
First published: