• Home
  • »
  • News
  • »
  • kolkata
  • »
  • উপ–নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত পুনৰ বৃদ্ধি কোৰোণাৰ প্ৰকোপ, কলকাতাত বৃদ্ধি পাইছে সংক্ৰমণ

উপ–নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত পুনৰ বৃদ্ধি কোৰোণাৰ প্ৰকোপ, কলকাতাত বৃদ্ধি পাইছে সংক্ৰমণ

ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ১৮,৫০২ লৈ বৃদ্ধি পাইছে আৰু যোৱা ২৪ ঘণ্টাত পুনৰ ১১জন লোকৰ মৃত্যু হৈছে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ১৮,৫০২ লৈ বৃদ্ধি পাইছে আৰু যোৱা ২৪ ঘণ্টাত পুনৰ ১১জন লোকৰ মৃত্যু হৈছে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ১৮,৫০২ লৈ বৃদ্ধি পাইছে আৰু যোৱা ২৪ ঘণ্টাত পুনৰ ১১জন লোকৰ মৃত্যু হৈছে।

  • Share this:
পশ্চিম বংগৰ ঘন বসতিপূৰ্ণ কলকাতা আৰু উত্তৰ ২৪ পৰগনা জিলাত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৭০৭জন লোক পুনৰ কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত সংক্ৰমিত লোকৰ সংখ্যা ১৫,৫২,০৭১জনলৈ লৈ বৃদ্ধি হৈছে। আনহাতে, ৩০ ছেপ্টেম্বৰত ভৱানীপুৰকে ধৰি তিনিখন বিধানসভা আসনৰ উপ–নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে কোৰোণা টিকাকৰণ সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। কোৰোণা ভেকচিন দুয়োটা পালিৰ প্ৰমাণপত্ৰ বা কোৰোণা পৰীক্ষাৰ প্ৰমাণপত্ৰ নিৰ্বাচনী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ১৮,৫০২ লৈ বৃদ্ধি পাইছে আৰু যোৱা ২৪ ঘণ্টাত পুনৰ ১১জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ বেছিভাগ ঘটনা নাদিয়া আৰু উত্তৰ ২৪ পৰগনা জিলাৰ পৰা আহিছিল। বুলেটিন অনুসৰি, কলকাতাত সংক্ৰমণৰ ১২৮টা নতুন ঘটনা আৰু উত্তৰ ২৪ পৰগনাত ১১৯জন নতুনকৈ আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে। দুয়োখন জিলাতে চিকিৎসাধীন ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

কলকাতাত নতুনকৈ কোভিডত আক্ৰান্ত ১২১৫জন

২৫ আগষ্টত কলকাতাত ৯৭৩জন ৰোগী চিকিৎসাধীন হৈ আছিল আৰু এতিয়া এই সংখ্যা ১২১৫ লৈ বৃদ্ধি পাইছে। আনহাতে, একে সময়তে উত্তৰ ২৪ পৰগনাত ৰোগীৰ সংখ্যা ১১২৮ৰ পৰা ১১৯৮ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৮৬৫২ জন। নাদিয়াত পাঁচজন আৰু উত্তৰ ২৪ পৰগনাত তিনিজন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত ৭২৩জন লোক আৰোগ্য হোৱাৰ সৈতে এতিয়ালৈকে ১৫,২৪,৯১৭ জন লোক সংক্ৰমণমুক্ত হৈছে। ৰাজ্যখনত এতিয়ালৈকে ১.৭২ কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে।

উপ–নিৰ্বাচনক লৈ কঠোৰ নিৰ্বাচন আয়োগ:

আনহাতে, পশ্চিম বংগত কোৰোণা মহামাৰীৰ মাজত উপ-নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগ কঠোৰ হৈ পৰিছে। ভোটদানৰ পৰিপ্ৰেক্ষিতত, নিৰ্বাচন আয়োগে ইংগিত দিছে যে আয়োগে স্বাস্থ্য নিয়মত কোনো শিথিলতা সহ্য নকৰে। ভোটদানৰ দায়িত্বত থকা সকলৰ বাবে ভেকচিনৰ দুয়োটা পালি বাধ্যতামূলক কৰা হৈছে। ৩০ ছেপ্টেম্বৰৰ উপ-নিৰ্বাচন বা নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত লোকসকলৰ বাবে ভেকচিনৰ দুয়োটা পালি বাধ্যতামূলক কৰা হৈছে। অৱশ্যে, যিসকলে প্ৰথম পালি গ্ৰহণ কৰিছে কিন্তু এতিয়াও ভেকচিনৰ দ্বিতীয় পালিৰ সময় হোৱা নাই, তেওঁলোকৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হ'ব। এই প্ৰক্ৰিয়াত প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট, পোলিং এজেণ্ট (বুথত বহি থকা ৰাজনৈতিক দলৰ সদস্য), গণনাকাৰী এজেণ্ট, বাহনখনৰ চালক (প্ৰাৰ্থী, তেওঁলোকৰ নিৰ্বাচনী এজেণ্ট, নিৰ্বাচন প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব লগা সকলো বাহন), ভোটাৰৰ বাহন বা নিৰাপত্তাৰক্ষীকো তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: