শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে য়াছ ঘূৰ্ণীক লৈ সূচীবদ্ধ কৰি থোৱা পৰ্যালোচনা বৈঠক বৰ্জন কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতাই বৈঠক বৰ্জনকৰাৰ পাছতেই সমগ্ৰ দেশত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিয়ে চোকা বাক্যবাণেৰে থকা-সৰকা কৰে মমতাক।
দেশজুৰি বিতৰ্কৰ পাছতে শনিবাৰে মমতাই ক'লে, "যদি মোৰ ৰাজ্যৰ মানুহৰ কল্যাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভৰিও চুব ক'লেহেঁতেন তেনেহ'লে মই তেওঁৰ ভৰিও চুলোঁহেঁতেন; কিন্তু মোক অপমান কৰিব নোৱাৰিব।" প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বৈঠকত বিজেপি নেতা আৰু ৰাজ্যপালক আমন্ত্ৰণ কৰাৰ বাবেই ক্ষুব্ধ হৈছিল বুলি ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
মুখ্যমন্ত্ৰী মমতাই পশ্চিম বংগৰ মুখ্য সচিব আলাপান বন্দোপাধ্যায়ক বদলি নকৰি পুনৰ ৰাজ্যখনলৈ ঘূৰাই পঠিয়াবলৈও প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায়।
জানিব পৰা মতে বৈঠকলৈ অহা পশ্চিমবংগৰ ৰাজ্যপালকে ধৰি বিজেপি নেতাকেইগৰাকীক অযথা আধা ঘণ্টাৰো অধিক সময় অপেক্ষা কৰাই ৰাখিছিল মমতা বেনাৰ্জীয়ে। ইমানেই নহয় কোঠাত প্ৰবেশ কৰিয়েই মাত্ৰ কেইমিনিটমান থাকি প্ৰধানমন্ত্ৰীক ক্ষয়-ক্ষতিৰ নথি-পত্ৰৰ টোপোলা এটা দি ওলাই গৈছিল হেনো মুখ্যমন্ত্ৰী মমতা। আনকি সেই সময়ত ঘূৰ্ণীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ডিজিটেল উপস্থাপনৰ কাম কৰাতো হকা-বাধা দিছিল হেনো মমতাই।
একাংশই চৰ্চা কৰা মতে মমতাৰ খং উঠাৰ কাৰণ হ'ল নন্দীগ্ৰামত যাৰ হাতত নিৰ্বাচনত পৰাজিত হৈছিল, সেই শুভেন্দু অধিকাৰীকো আমন্ত্ৰণ কৰা হৈছিল বৈঠকত। শুভেন্দু অধিকাৰী বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 29, 2021, 20:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।