মুখ্যপৃষ্ঠা » খবৰ

» কলকাতা

»Pandal Burj Khalifa: বিপদে লগ নেৰিলে কলকাতাৰ বুৰ্জ খলিফাৰ, প্ৰৱেশ নিষেধৰ বেনাৰ আঁৰিলে প্ৰশাসনে

Pandal Burj Khalifa: বিপদে লগ নেৰিলে কলকাতাৰ বুৰ্জ খলিফাৰ, প্ৰৱেশ নিষেধৰ বেনাৰ আঁৰিলে প্ৰশাসনে

News18 Assam | News18-Assam
Updated:October 14, 2021, 6:38 PM IST
Pandal Burj Khalifa:  বিপদে লগ নেৰিলে কলকাতাৰ বুৰ্জ খলিফাৰ, প্ৰৱেশ নিষেধৰ বেনাৰ আঁৰিলে প্ৰশাসনে
কলকাতাৰ শ্ৰীভূমি স্পোৰ্টিং ক্লাবে নিৰ্মাণ কৰা এই বুৰ্জ খলিফাত মানুহৰ যথেষ্ট ভিৰ হৈছিল।

কলকাতাৰ শ্ৰীভূমি স্পোৰ্টিং ক্লাবে নিৰ্মাণ কৰা এই বুৰ্জ খলিফাত মানুহৰ যথেষ্ট ভিৰ হৈছিল।

  • Share this:

দুৰ্গাপূজাৰ সময়ত পশ্চিম বংগৰ বুৰ্জ খলিফাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু জনপ্ৰিয়তাৰ সমানে বুৰ্জ খলিফাক লৈ যেন সমস্যা–সংকটৰো সীমা নাছিল।


ডুবাইৰ বুৰ্জ খলিফাৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপলৈ অহা দৰ্শনাৰ্থীসকলে ইয়াৰ সৌন্দৰ্য ঠিকেই উপভোগ কৰিছিল যদিও পূজাৰ মাজতে ইয়াৰ পৰা ওলোৱা দীৰ্ঘদূৰত্বভেদী লেজাৰ ৰশ্মিক লৈ বিমান চালকৰ অভিযোগৰ ভিত্তিত ইয়াক বন্ধ কৰা হয়।


ইয়াৰ পিছত বন্ধ কৰি দিয়া হয় ইয়াৰ পেন্দেলো। দৰ্শনাৰ্থীৰ প্ৰচুৰ ভিৰৰ বাবে আৰক্ষীয়ে যোৱা বুধবাৰে নিশা পূজা পেণ্ডেল বন্ধ কৰে। কাৰণ কোৰোণাৰ আশংকা। কলকাতাৰ শ্ৰীভূমি স্পোৰ্টিং ক্লাবে নিৰ্মাণ কৰা এই বুৰ্জ খলিফাত মানুহৰ যথেষ্ট ভিৰ হৈছিল। আৰক্ষীয়ে চেষ্টা কৰিও দৰ্শনাৰ্থীসকলৰ ভিৰ কমাব নোৱাৰিলে। কোৰোণা বিধিও হৈছিল ভংগ। এনে পৰিস্থিতিত কলকাতা আৰক্ষীয়ে আৰু কোনো বিপদাশংকা নোলোৱাকৈ যোৱা নিশাৰ পৰা পূজা মণ্ডপলৈ দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ কৰি দিয়ে।

Published by: Gautam Barman
First published: October 14, 2021, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি