Ranu Mondal, Bollywood : এইবাৰ ৰাণু মণ্ডলক লৈ বলীউডত ছবি! জানেনে কোনে অভিনয় কৰিছে ৰাণুৰ চৰিত্ৰত?
ৰাণু মণ্ডল
ৰাণু মণ্ডল (Ranu Mandal)ৰ জীৱন এইবাৰ দেখা যাব ডাঙৰ পৰ্দাত। বলীউডত নিৰ্মাণ হ'ব ছচিয়েল মিডিয়া ছেনছেচন ৰাণু মণ্ডলৰ জীৱন (Ranu Mandal Biopic)ৰ ওপৰত আধাৰিত চিনেমা।
- News18 Assam
- Last Updated: September 4, 2021, 8:54 PM IST
শেহতীয়া খবৰ মতে ৰাণু মণ্ডলৰ জীৱন যাত্ৰা এইবাৰ ডাঙৰ পৰ্দাত দেখা যাব। অবিশ্বাস্য যেন লাগিলেও এইটো সঁচা। বলীউডত নিৰ্মাণ হ'ব ছচিয়েল মিডিয়া ছেনছেচন ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত আধাৰিত চিনেমা। পৰিচালক ঋষিকেশ মণ্ডল। চিত্ৰনাট্যখন ৰাণু মণ্ডলৰ জীৱনৰ বিভিন্ন উত্থান-পতনক আলম কৰি নিৰ্মাণ কৰা হৈছে। ছেক্ৰেড গেমছৰ অভিনেত্ৰী ঈশিকা দে (Eshika Dey)ই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব অৰ্থাৎ ৰাণু মণ্ডল (Ranu Mndal)ৰ চৰিত্ৰত অভিনয় কৰিব ঈশিকা দেই। বৰ্তমানলৈ ছবিখনৰ নাম 'মিছ ৰাণু মাৰিয়া' ৰখা হৈছে যদিও নাম সলনি হোৱাৰ অৱকাশ আছে। ছবিখনত অভিনেতা কমল মিশ্ৰয়ো অভিনয় কৰিব। ছবিখনৰ ছুটিং নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। ৰাণু মণ্ডলৰ জীৱনক লৈ নিৰ্মাণ হ'বলগীয়া ছবিখন ২০২২ চনৰ মাৰ্চ-এপ্ৰিলত মুক্তি পাব। সুৰকাৰ আৰু গায়ক হিমেশ ৰেশমিয়াক ছবিখনত অভিনয় কৰিবলৈ অনুৰোধ জনোৱা হৈছে বুলি জানিব পৰা গৈছে।
অভিনেত্ৰী ঈশিকা দেই নিউজ ১৮ বাংলা ডিজিটেলক কয়, "ৰাণু মণ্ডল বিখ্যাত হোৱাৰ দিনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ যাত্ৰা আৰু ইয়াৰ আগতে ৰাণাঘাট ষ্টেচনত তেওঁৰ ভিক্ষাৰী জীৱন... দুয়োটাকে চিনেমাখনত দেখুওৱা হ'ব।" কিন্তু কোৰোণাৰ বাবে এতিয়াও ৰাণুক মুখামুখিকৈ লগ পোৱাৰ সুযোগ পোৱা নাই অভিনেত্ৰীগৰাকীয়ে।।
ছবিখনৰ দৃশ্যগ্ৰহণ মুম্বাই, কলকাতা আৰু ৰাণাঘাটত কৰা হ'ব। ঈশিকাই কয় যে প্ৰতিটো চৰিত্ৰ কৰিবলৈ আপুনি অধ্যয়ন কৰিবই লাগিব আৰু সেই চৰিত্ৰটোত প্ৰৱেশ কৰিব লাগিব। অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাণু মণ্ডলে কেনেদৰে খোজ কাঢ়ে, কেনেদৰে কথা কয় কেনেদৰে গান গায় আদি আয়ত্ব কৰিবলৈ দিন-ৰাতি ৰাণু মণ্ডলৰ গান আৰু সাক্ষাৎকাৰৰ ভিডিঅ' চাই আছে।













