உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • kolkata
    • »
    • মণিপুৰৰ Inner Line Permit ব্যৱস্থাক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান কলকাতাৰ 'আমৰা বাঙালী' নামৰ সংগঠনৰ 

    মণিপুৰৰ Inner Line Permit ব্যৱস্থাক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান কলকাতাৰ 'আমৰা বাঙালী' নামৰ সংগঠনৰ 

    উচ্চতম ন্যায়ালয়ে প্ৰথম শুনানি গ্ৰহণ কৰি জাননী প্ৰেৰণ কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ; চাৰি সপ্তাহৰ ভিতৰত দিব লাগিব জাননীৰ উত্তৰ 

    উচ্চতম ন্যায়ালয়ে প্ৰথম শুনানি গ্ৰহণ কৰি জাননী প্ৰেৰণ কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ; চাৰি সপ্তাহৰ ভিতৰত দিব লাগিব জাননীৰ উত্তৰ 

    উচ্চতম ন্যায়ালয়ে প্ৰথম শুনানি গ্ৰহণ কৰি জাননী প্ৰেৰণ কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ; চাৰি সপ্তাহৰ ভিতৰত দিব লাগিব জাননীৰ উত্তৰ 

    • Share this:
    ২০১৯ চনত সংসদত নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Act) গৃহীত কৰাৰ এদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (Union Ministry of Home Affairs) মণিপুৰত প্ৰৱৰ্তন কৰিছিল Inner Line Permit ব্যৱস্থাৰ । এই ব্যৱস্থা আনি ৰাজ্যখনক নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ কাৰ্য পৰিসৰৰ বাহিৰত ৰখা হৈছিল । এতিয়া উচ্চতম ন্যায়ালয় (Supreme Court)ত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাইছে 'আমৰা বাঙালী' নামৰ কলকাতাৰ এটা সংগঠনে ।  মণিপুৰৰ পৰা এই ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে সংগঠনটো । এই প্ৰক্ৰিয়াই ৰাজ্য চৰকাৰক ৰাজ্যৰ বাহিৰৰ লোকসকলৰ প্ৰৱেশ নিশ্চিত কৰাৰ দিশত অনিয়ন্ত্ৰিত ক্ষমতা প্ৰদান কৰে বুলি উল্লেখ কৰি সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ।

    লেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ আব্দুল নাজিৰ (Abdul Nazir) আৰু কৃষ্ণ মুৰাৰী (Krishna Murari)ৰ এখন খণ্ড বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্যলৈ জাননী প্ৰেৰণ কৰে । কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰে ৪ সপ্তাহৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব ।

    নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে Adaptation of Law (Amendment) Order 2019 আনি মণিপুৰত এই নিয়ম প্ৰযোজ্য কৰিছিল । Bengal Eastern Frontier Regulations 1873ৰ যোগেদি ইংৰাজ শাসকে উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচিত অঞ্চলত Inner Line Permit ব্যৱস্থা আৰম্ভ কৰিছিল । এই ব্যৱস্থাৰ যোগেদি এই স্থান সমূহত প্ৰৱেশ কৰিবলৈ বাহিৰৰ লোকক বিশেষ অনুমতিৰ প্ৰয়োজন হয় । ইংৰাজৰ সেই নিয়ম স্বাধীনতাৰ পিছতো গ্ৰহণ কৰা হৈছিল । আৰু ২০১৯চনত এই নিয়ম মণিপুৰলৈ সম্প্ৰসাৰণ কৰি ৰাজ্যখনক নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ বাহিৰত ৰখা হৈছিল ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ইফালে অসমতো Inner Line Permit ব্যৱস্থা বিচাৰি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ।
    Published by:Manjumoni Borah
    First published: