পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)ক প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰে অসমৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ নিৰ্দলীয় বিধায়ক অখিল গগৈ (MLA Akhil Gogoi)য়ে ।
মমতা বেনাৰ্জীলৈ নিজৰ সমৰ্থন প্ৰকাশ কৰি অখিল গগৈয়ে কয়, "আমি মমতা বেনাৰ্জীক ভাল পাওঁ কাৰণ তেওঁ এখন সাম্প্ৰদায়িক ফেচিষ্ট ছৰকাৰৰ বিৰুদ্ধে যুঁজ দি আছে। মমতা বেনাৰ্জীয়ে এটা ফেডাৰেল ৰাজনৈতিক গাথনি (federal structure)ৰ বাবে যুঁজ কৰি আছে। এই কথাবোৰ সত্য। আমি সেয়ে তেওঁক পৰৱৰ্তী প্ৰধানমন্ত্ৰী (prime minister) ৰূপে চাব বিচাৰোঁ। আমাক এটা আঞ্চলিক দলৰ ফেডাৰেচন লাগে আৰু আমি মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে বিচাৰোঁ । আমি আঞ্চলিক ফেডাৰেচন (regional federation) এটা গঠনৰ প্ৰয়াস কৰি আছোঁ। ফেডাৰেলিজম আজি সংকটত পৰিছে। আমি তিনি মাহ পিছত এই বিষয়ত ভালকৈ বহিম আৰু সেই অনুসাৰে আগবাঢ়িম।"
এটা সংঘবদ্ধ বিৰোধী শিবিৰ গঠন কৰাৰ ওপৰত জোৰ দি অখিল গগৈয়ে কয়, "আমি ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচন একত্ৰ হৈ খেলিব লাগিব। প্ৰশান্ত কিশোৰো আছে আৰু মই ভাবোঁ আমি কেন্দ্ৰত থকা চৰকাৰখন ওফৰাব পাৰিম।"
উল্লেখ্য যে বিগত কেইদিনত মমতা বেনাৰ্জীক দুবাৰকৈ সাক্ষাৎ কৰাৰ পিছত শুকুৰবাৰে পুনৰ মমতাক সাক্ষাৎ কৰিবলৈ কলকাতালৈ ৰাওনা হৈছে অখিল গগৈ। মমতা বেনাৰ্জীয়ে অখিল গগৈক অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ আহ্বান জনোৱা বুলি স্বীকাৰ কৰিছে অখিল গগৈয়ে।
অখিলে কয়, "মই TMCৰ পৰা অফাৰ এটা পাইছোঁ আৰু মই দলটোৰ হাইকমাণ্ডৰ সৈতে আলোচনাত আছোঁ। শেহতীয়াকৈ মই কলকাতালৈ গৈছিলোঁ আৰু তাতেই মোক তেওঁলোকে অসমত TMCৰ সভাপতি হ'বলৈ প্ৰস্তাৱ দিছিল। বিষয়টো আলোচনা পৰ্যায়তে আছে, সোনকালেই এটা সিদ্ধান্ত ল'ম। আমি সকলো দিশৰ বিবেচনা কৰি আছোঁ।"
শেহতীয়াকৈ উত্তৰপূবলৈ চকু দিছে তৃণমূল কংগ্ৰেছে। এই লক্ষ্যৰেই অখিল গগৈক নিজৰ দললৈ নিয়াৰ ফন্দি পাতিছে মমতা বাহিনীয়ে। লক্ষণীয় হ'ব মমতাই কেনেদৰে অখিলক সৈমান কৰাব?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|