মুখ্যপৃষ্ঠা » খবৰ

» কলকাতা

»Electrocuted in Khardah: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পিতৃ, মাতৃ আৰু ককায়েক, সাক্ষী হৈ ৰ'ল ৪ বছৰীয়া শিশু

Electrocuted in Khardah: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পিতৃ, মাতৃ আৰু ককায়েক, সাক্ষী হৈ ৰ'ল ৪ বছৰীয়া শিশু

News18 Assam | News18-Assam
Updated:September 21, 2021, 10:24 PM IST
Electrocuted in Khardah: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পিতৃ, মাতৃ আৰু ককায়েক, সাক্ষী হৈ ৰ'ল ৪ বছৰীয়া শিশু
ধাৰাসাৰ বৰষুণৰ বাবে পৰিয়ালটোৰ ঘৰত জমা হোৱা পানীত সংযোগ হৈছিল বিদ্যুৎ

ধাৰাসাৰ বৰষুণৰ বাবে পৰিয়ালটোৰ ঘৰত জমা হোৱা পানীত সংযোগ হৈছিল বিদ্যুৎ

  • News18 Assam
  • Last Updated: September 21, 2021, 10:24 PM IST
  • Share this:

ঘৰত জমা হোৱা পানীত বিদ্যুৎস্পৃষ্ট হৈ এটা পৰিয়ালৰ তিনিগৰাকীয়ে হেৰুৱালে প্ৰাণ। এই কৰুণ ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। মৃতসকলৰ ভিতৰত তেওঁলোকৰ এঘাৰ বছৰীয়া সন্তান আৰু পিতৃ–মাতৃ আছিল। আৰু এই কৰুণ দৃশ্য সংঘটিত হৈছিল পৰিয়ালটোৰ কনিষ্ঠতম এটা চাৰি বছৰীয়া পুত্ৰৰ চকুৰ সন্মুখত।


ঘটনাৰ বিৱৰণী মতে, আজি আবেলি ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণাৰ খাৰদাহৰ পাটুলিয়াৰ চৰকাৰী কোৱাৰ্টাৰত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ বাবে (Rainfall in West Bengal) দম্পতীটোৰ ঘৰৰ ভিতৰত পানী জমা হৈছিল৷ পানী জমা হোৱা দেখি পৰিয়ালটোৰ মুৰব্বী ৰাজা দাসে (৩৯) ফ্ৰিজৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ যায়।


তেতিয়া তেওঁ বিদ্যুৎস্পৃষ্ট হৈ পৰে, স্বামী বিদ্যুৎস্পৃষ্ট হোৱা দেখি পত্নী পলমী দাসে (৩৫) তেওঁক বচাবলৈ গৈছিল৷ এনেদৰে দুয়ো পিতৃ-মাতৃ বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ ১১ বছৰীয়া শুভ দাসে পিতৃ-পিতৃৰ ওচৰলৈ যায় আৰু মৃত্যুমুখত পৰে।



সেই সময়ত দম্পতীটোৰ চাৰি বছৰীয়া পুত্ৰ বিছনাত বহি আছিল আৰু এই দৃশ্য দেখি কান্দিবলৈ ধৰে। কান্দোনৰ শব্দ শুনি চুবুৰীয়াই এই ঘটনা প্ৰত্যক্ষ কৰে। লগে লগে তিনিজনক উদ্ধাৰ কৰি বৰ্ধমানৰ বি এন বসু চিকিৎসালয়লৈ লৈ গৈছিল যদিও আটাইকে মৃত ঘোষণা কৰে। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷

Published by: Gautam Barman
First published: September 21, 2021, 10:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি