নিৰ্মাণৰ পিছতে বখলা–বখলে এৰাই গ’ল এটা পথ। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰী জিলাৰ বিলাসীপাৰা পূব বিধানসভা সমষ্টি আৰু কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী বিটিচি পৰিষদীয় সমষ্টিৰ অধীনস্থ কেটেঙাঝৰা-মালছিংপাৰা সংযোগী পথৰ ওপৰত থকা পকী দলঙৰ দুয়োপিনে থকা ২৪০ মিটাৰ এপ্ৰ’চ পথ জহি-খহি যোৱাৰ অভিযোগ।
২০১৯-২০ বিত্তীয় বৰ্ষৰ ৩ কোটি ৩৫ লাখ ৩৩ হাজাৰ ৩১৫ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এপ্ৰ’চ পথটো৷ এপ্ৰ’চ পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল এন কে চৌধুৰী আৰু সুজিত জৈন নামৰ দুই ঠিকাদাৰে৷ কিন্তু মাথোঁ ২৪০ মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ লগতে এপ্ৰ’চ পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷
ৰাইজৰ অভিযোগ এপ্ৰ’চ পথছোৱাৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হৈছে৷ ফলত পকী এপ্ৰ’চ পথছোৱা এসপ্তাহ আৰু পকীকৰণৰ তিনিদিনৰ পিছতে ছিৰাছিৰকৈ ফাট মেলাৰ লগতে বখলা-বখলে এৰাই গৈছে। তাৰ পৰিপ্ৰেক্ষিত কেটেঙাঝৰা-মালছিংপাৰা সংযোগী এপ্ৰ’চ পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজে৷
কোকৰাঝাৰ জিলাৰ নায়েকগাঁও, মালছিংপাৰা, কেটেঙাঝৰা, বাগছামাৰা, দাৱৰগাঁও, অনুজুলি, ধীৰবিলকে ধৰি অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ জনসাধাৰণৰ উপৰি ধুবুৰী জিলাৰ বহলপুৰ, বিলাসীপাৰালৈ যোগাযোগৰ ক্ষেত্ৰত উক্ত পথটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ সেয়ে উক্ত পথটো পুনৰ নিৰ্মাণ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 25, 2023, 09:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।