বিশ্ব ব্ৰহ্মাণ্ড, সৌৰ জগত, তাৰকা মণ্ডলসহ আন গুৰুত্বপূৰ্ণ জ্যোৰ্তিবিজ্ঞান সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ লগতে অনুসন্ধিৎসু লোকক আভাস দিয়াৰ উদ্দেশ্যৰে কোকৰাঝাৰ চহৰৰ ডিমলগাঁৱত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এটা তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ। কিন্তু আজিলৈ দৰ্শনাৰ্থীৰ বাবে এই তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো মুকলি হোৱা নাই। সাধাৰণ দৰ্শনাৰ্থীৰ কথা বাদেই, ছাত্ৰ-ছাত্ৰীৰ বাবেও কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো বছৰৰ পিছত বছৰ ধৰি মুকলি নোহোৱাকৈ আছে।
উল্লেখ্য যে, ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিচিৰ প্ৰাক্তন কাৰ্যৱাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো উদ্বোধন কৰিছিল। কিন্তু তেতিয়াৰ পৰাই আজি পৰ্যন্ত তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব পৰা নগ’ল। এই সন্দৰ্ভত বিটিচিৰ সংগ্ৰহালয় আৰু পুৰাতত্ব বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, কাৰিকৰী কাৰণৰ বাবেই কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব পাৰা নাই।
মন কৰিবলগীয়া যে, এই তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটোত এটা দৰ্শনীত ৮০ গৰাকী দৰ্শকে একে সময়তে সৌৰজগতৰ বিষয়ে চোৱাৰ সুবিধা আছে। লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে টেলিস্কোপ, বিগ বেংসহ নানা ধৰণৰ কৌতুহল পৰা তাৰকা মণ্ডল আৰু বিশ্বব্ৰহ্মাণ্ডৰ নানা বিষয় আছে। কিন্তু কেন্দ্ৰটোৰ দুটাকৈ প্ৰজেক্টৰৰ বিজুতি ঘটাৰ বাবে সেয়া হৈ উঠা নাই।
উল্লেখ্য যে, প্ৰজেক্টৰ দুটা ক্ৰয় কৰিবলৈ প্ৰয়োজন ৫০ লাখ টকাৰ। ৰাজ্য চৰকাৰে বিটিচিলৈ হস্তান্তৰ কৰা কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো যদিহে বিটিচি চৰকাৰে প্ৰয়োজনীয় ধন ৰাশি আৱন্টন দিয়ে তেন্তে অতি শীঘ্ৰে তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব পৰা যাব বুলিও কেন্দ্ৰটোৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|