তলতীয়া কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অৱশিষ্ট খাদ্য শৰীৰৰ ওপৰত ঢালি দি বিতৰ্কৰ মাজত সোমাই পৰা কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল৷ উপায়ুক্তগৰাকীয়ে নিজৰ কাৰ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চৰ শোধোৱাৰ অভিযোগ উঠিছিল।
সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত উপায়ুক্তগৰাকীয়ে কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসাধীন দীপক দাসক আৰু তেওঁৰ পৰিয়ালৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে।
কিন্তু কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ৰ ষ্টেনোগ্ৰাফাৰ তথা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দেৱৰয় উপাধিধাৰী সভাপতিগৰকীয়ে অসুস্থ দীপক ৰায়ৰ পৰা উকা কাগজত স্বাক্ষৰ লোৱাৰ অভিযোগক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উপায়ুক্তগৰাকীয়ে চিকিৎসাধীন দীপক দাসৰ ওচৰলৈ গৈ ভুল স্বীকাৰ কৰি পুৱা ৬ বজালৈ পৰিয়ালৰ সৈতে থাকি আপোচলৈ আহিব বিচাৰে আৰু দীপক দাসৰ কন্যা সুনীতা দাসে থানাত দিয়া এজাহাৰখন উঠাই লবলৈ আহ্বান জনায়।
সেইমৰ্মে পুৱা এজাহাৰ কাৰী সুনীতা দাসে এজাহাৰখন উঠাই ল’বলৈ মান্তি হৈছিল। কিন্তু তাৰ মাজতে দেৱৰয়ে পৰিয়ালৰ অজ্ঞাতে নিশাই উকা কাগজত দীপক দাসৰ স্বাক্ষৰ লোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 30, 2023, 15:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|