বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / Kaziranga / Golaghat News: বোকাখাতৰ এক কৰুণ দৃশ্য : ৰীতি-নীতিৰ দোহাই দি মৃতদেহ পেলাই থলে ১১ ঘন্টা

Golaghat News: বোকাখাতৰ এক কৰুণ দৃশ্য : ৰীতি-নীতিৰ দোহাই দি মৃতদেহ পেলাই থলে ১১ ঘন্টা

বোকাখাতৰ এক কৰুণ দৃশ্য : ৰীতি-নীতিৰ দোহাই দি মৃতদেহ পেলাই থলে ১১ ঘন্টা

বোকাখাতৰ এক কৰুণ দৃশ্য : ৰীতি-নীতিৰ দোহাই দি মৃতদেহ পেলাই থলে ১১ ঘন্টা

পুৱা ৭ বজাত মৃত্যু হোৱা মহিলাগৰাকীক সৎকাৰ কৰিবলৈ সন্ধ্যা পৰ্যন্ত ওলাই নাহিল কোনো লোক । অৱশেষত তিনি কন্যা আৰু এগৰাকী কনমানি নাতিনীয়ে মৃতদেহটো ঘৰৰ ভিতৰৰ পৰা চাঙীত বান্ধি ডাঙি আনে ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কাজিৰঙা, ৩ জুন: বোকাখাতৰ এক কৰুণ দৃশ্য । সমাজৰ ৰীতি-নীতিৰ দোহাই দি এগৰাকী বিধবা মহিলাৰ মৃতদেহক ৰাইজে সৎকাৰলৈ নিনিয়াকৈ পেলাই ৰাখিলে ১১ ঘন্টা । মৃতকৰ তিনি কন্যা আৰু নাতিনীয়ে মৃতদেহ ডাঙি আনিলে ঘৰৰ বাহিৰলৈ । মৃত্যু হোৱা মহিলাগৰাকীক সৎকাৰ কৰিবলৈ নাহিল কোনো পৰিয়ালৰ লোক অথবা গাঁওবাসী ।

এয়া বোকাখাতৰ বৰচাপৰি বাগিচাৰ ডাঙা লাইনৰ ঘটনা । শুক্ৰবাৰে পুৱা শাৰিৰীক অসুস্থতাত ভুগি থকা বাগিচাখনৰ জয়ন্তী নায়ক নামৰ মহিলাগৰাকীৰ মৃত্যু হয় । কিছুদিনৰ আগতে একমাত্ৰ পুত্ৰ সন্তানৰ মৃত্যু হোৱাৰ পাছত তিনি কন্যা সন্তানৰ সৈতে তেওঁ বাস কৰিছিল বাগিচাখনত ।

বিজ্ঞাপন

শুক্ৰবাৰে পুৱা ৭ বজাত মৃত্যু হোৱা মহিলাগৰাকীক সৎকাৰ কৰিবলৈ সন্ধ্যা পৰ্যন্ত ওলাই নাহিল কোনো লোক । অৱশেষত তিনি কন্যা আৰু এগৰাকী কণমানি নাতিনীয়ে মৃতদেহটো ঘৰৰ ভিতৰৰ পৰা চাঙীত বান্ধি ডাঙি আনে ।

বাগিচাৰ ৰাইজে সমাজৰ ৰীতি-নীতিৰ দোহাই দি নীৰৱ দৰ্শক হৈ মাথো চাই থাকিল । আধুনিক যুগ আৰু বিজ্ঞানৰ চৰম উন্নতিৰ কালতো সমাজৰ কুসংস্কাৰৰ বলি হৈ ৰীতি নীতিক দোহাই দি এগৰাকী মৃতকক ১১ ঘন্টাতকৈ অধিক সময় সৎকাৰ নকৰাকৈ ৰাখি থোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশেষত স্থানীয় VDP ৰ সহযোগত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হয় ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন