জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৫০সংখ্যক জন্মদিন উদযাপনৰ মঞ্চত পত্নী গৰিমা গাৰ্গে সদৰী কৰিলে জুবিনৰ এটি গোপন কথা। জুবিন গাৰ্গৰ বিছনাৰ তুলি তথা গাৰুৰ তলত থাকে এগৰাকী বিশেষ মহিলাৰ ফটো!
ব্লেক এণ্ড হোৱাইট আৰু ৰঙীন ফটো সযতনে তুলিৰ তলত সাঁচি ৰখা এই মহিলাগৰাকীক লৈ ঈৰ্ষা নকৰিবলৈয়ো পত্নীক কয় জুবিনে।
শুক্ৰবাৰে মঞ্চত এই বিশেষ মহিলাগৰাকীৰ সন্মুখতে পত্নী গৰিমা গাৰ্গে জুবিনৰ এই গোপন কথা সদৰী কৰে। সেই বিশেষ মহিলাগৰাকী হ'ল জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা। জুবিন গাৰ্গেও অকপটে স্বীকাৰ কৰে তেওঁৰ অন্যতম প্ৰিয় অভিনেত্ৰীগৰাকীৰ কথা।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|