এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে মৰিয়নি সমষ্টিৰ দিহিঙীয়াপাৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে।
এটুপি খোৱাপানীৰ বাবে প্ৰতিদিনে সংগ্ৰাম কৰি আহিছে এইসকল শ্ৰমিকে। পানীৰ পাইপ ফুটা কৰি বিশুদ্ধ খোৱাপানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আহিছে বাগিচাৰ শ্ৰমিক সকলে।
কিন্তু এইক্ষেত্ৰত কোনো কাণসাৰ নাই বাগিচা কৰ্তপক্ষৰ লগতে স্থানীয় বিধায়কৰ। উল্লেখ্য যে জল জীৱন মিচনৰ অধীনত মৰিয়নি সমষ্টিত তিনিটাকৈ কোটি টকীয়া পানী যোগান আঁচনি স্থাপন কৰা হৈছিল। কিন্তু সেয়া কেৱল নামতহে।
ৰাজ্য চৰকাৰৰ কোটি টকীয়া আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। আজি পৰ্যন্ত বিশুদ্ধ খোৱাপানী যোগান দিব নোৱৰাৰ বাবেই মৰিয়নি সমষ্টিৰ ৰাইজে প্ৰতিদিনে এটুপি খোৱাপানীৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 13, 2023, 14:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।