মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: পথ নহয় যেন পথাৰহে ! ভয়ানক ৰূপ লৈছে যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথে

Jorhat News: পথ নহয় যেন পথাৰহে ! ভয়ানক ৰূপ লৈছে যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথে

জৰাজীৰ্ণ যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ

জৰাজীৰ্ণ যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ

পথৰ ওপৰত একো একোটা বৃহৎ গাঁতৰ লগতে  এজাক বৰষুণ দিলেই তথৈবচ হয় পথচোৱা । দুৰ্ভোগ ভুগিব লগা হৈছে উজনি-নামনিৰ যাত্ৰীৰ লগতে স্থানীয় অঞ্চলবাসী ৷

  • Share this:
যোৰহাট, ২৫ মাৰ্চ: মৃত্যুদূতলৈ পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । বিভাগীয় হেমাহিৰ বাবেই যমৰ যন্ত্ৰনা ভুগিছে পথাচাৰীয়ে । টীয়কৰ বাগান তিনিআলি, চটাইৰ সমীপত পথচোৱাৰ দুৰৱস্থাৰ বাবেই এতিয়া জীয়াতু ভুগিব লগা হৈছে সাধাৰণ পথচাৰীয়ে ।

পথৰ ওপৰত একো একোটা বৃহৎ গাঁতৰ লগতে এজাক বৰষুণ দিলেই তথৈবচ হয় পথচোৱা । দুৰ্ভোগ ভুগিব লগা হৈছে উজনি-নামনিৰ যাত্ৰীৰ লগতে স্থানীয় অঞ্চলবাসী । উল্লেখযোগ্য যে ঘাইপথ প্ৰাধিকৰণৰ লগতে পথ নিৰ্মাণত জড়িত হৈ থকা চুইটি কনষ্ট্ৰাকছনৰ বিৰুদ্ধে ৰাইজে অভিযোগ তুলিছে ৷

কোম্পানীটোৰ নিম্নমানৰ কামৰ বাবেই নিৰ্মাণৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈ পৰিছে মৃত্যুপথ । এইক্ষেত্ৰত যথোপযুক্ত ব‍্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সাধাৰণ ৰাইজে । যিকোনো মুহুৰ্তত এই পথচোৱাত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি