মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Majuli News: মাজুলীবাসীৰ প্ৰশ্ন- আৰু কিমান বছৰলৈ থাকিব মাজুলী ?

Majuli News: মাজুলীবাসীৰ প্ৰশ্ন- আৰু কিমান বছৰলৈ থাকিব মাজুলী ?

River island Majuli

River island Majuli

মাজুলীবাসীৰ প্ৰশ্ন- এয়া মাজুলীৰ লগতে ইয়াত বসবাস কৰা লোকসকলৰ সৈতে ল'ৰা-ধেমালি নেকি ? নদী কাষৰীয়া লোকসকলে প্ৰতি বছৰে স্থানান্তৰিত হবলগীয়া হয় খহনীয়াৰ গৰাহত পৰি ।  

  • Share this:
যোৰহাট, ২৩ মে': ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে মাজুলীৰ পৰিধি । দ্ৰুত গতিত বৃদ্ধি পাইছে খহনীয়া । এদিন দুদিনকৈ খহনীয়াৰ কৱলত ধ্বংস হৈ গৈ আছে মাজুলী । এতিয়া মাজুলীবাসীৰ লগতে অন‍্য সচেতন মহলৰ প্ৰশ্ন- 'আৰু কিমান বছৰ থাকিব মাজুলী' ? ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব নেকি সত্ৰনগৰী মাজুলী । এতিয়া মাজুলীৰ কেউফালে মাথোঁ খহনীয়া আৰু খহনীয়া । মাজুলীৰ মিছামৰা - আহঁতগুৰি অঞ্চলত কালৰূপ ধাৰণ কৰিছে খহনীয়াই ।

সাধাৰণ কেইটিমান জিঅ' বেগ পেলাই দায়িত্ব সামৰিছে ব্ৰহ্মপুত্ৰ বৰ্ডে । মাজুলী সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে দায়িত্ব দিয়া টি কে কোম্পানীয়ে মাত্ৰ তিনি শতাংশ কাম কৰি সম্পূৰ্ণ দায়িত্ব এৰি দিয়ে ব্ৰহ্মপুত্ৰ ব'ৰ্ডক । কেইমাহমান পূৰ্বে দিল্লীৰ পৰা অহা এটা বিশেষজ্ঞৰ দলে খহনীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰি নতুন প্ৰযুক্তিৰে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতক বেলেগ দিশে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । কিন্তু বৰ্তমানেও সেয়া হৈ নুঠিল । সকলো পৰিণত হ'ল ফুটুকাৰ ফেনত ।

মাজুলীবাসীৰ প্ৰশ্ন- এয়া মাজুলীৰ লগতে ইয়াত বসবাস কৰা লোকসকলৰ সৈতে ল'ৰা-ধেমালি নেকি ? নদী কাষৰীয়া লোকসকলে প্ৰতি বছৰে স্থানান্তৰিত হবলগীয়া হয় খহনীয়াৰ গৰাহত পৰি । বিঘাই বিঘাই খেতিৰ ভূমি নৈৰ বুকুত জাহ গৈছে প্ৰতিদিনে । ৰাইজে কেৱল প্ৰতিবাদ কৰিব পাৰে আৰু মন্ত্ৰী, জন প্ৰতিনিধি, উচ্চ পদস্থ বিষয়াই কেৱল আশ্বাস দিয়ে । তৎস্বত্বেও কিন্তু সমাধান নহয় খহনীয়াৰ সমস্যা । অন্ত পৰিবনে মাজুলীৰ এই বহুদিনীয়া মুখ্য আৰু দীৰ্ঘদিনীয়া সমস্যাৰ । পাৰিবনে সুৰক্ষা দিব নদীদ্বীপ মাজুলীক ?

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি