মুখ্যপৃষ্ঠা »খবৰ »Jorhat »JORHAT : ৫ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা যোৰহাটৰ এগৰাকী মহিলা

JORHAT : ৫ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা যোৰহাটৰ এগৰাকী মহিলা

যোৰহাটৰ অঞ্জু বৰাৰ কাহিনী আন বহুতৰে বাবে হ'ব পাৰে অনুপ্ৰেৰণাৰ উৎস

যোৰহাটৰ অঞ্জু বৰাৰ কাহিনী আন বহুতৰে বাবে হ'ব পাৰে অনুপ্ৰেৰণাৰ উৎস

যোৰহাটৰ অঞ্জু বৰাৰ কাহিনী আন বহুতৰে বাবে হ'ব পাৰে অনুপ্ৰেৰণাৰ উৎস

  • Share this:
মাত্ৰ ৫ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ এগৰাকী মহিলাই। আন বহুতৰ বাবে আদৰ্শ হ'ব পাৰে যোৰহাট বালিগাঁৱৰ অঞ্জু বৰা নামৰ মহিলাগৰাকী। শূন্যৰ পৰা মনে ভবা ধৰণে ব্যৱসায় আৰম্ভ কৰি দীৰ্ঘদিনীয়া কষ্টৰ অন্তত সফলতাৰ জখলাত আগবাঢ়ি যাবলৈ সক্ষম হৈছে অঞ্জু বৰা।

যোৰহাটৰ অঞ্জু বৰাৰ কাহিনী আন বহুতৰে বাবে হ'ব পাৰে অনুপ্ৰেৰণাৰ উৎস।  নাৰী স্বাৱলম্বিতা তথা নাৰী সবলীকৰণৰ এক অন্যতম উদাহৰণ ৰূপে পৰিগণিত হৈছে যোৰহাট বালিগাঁৱৰ অঞ্জু বৰা। বিগত প্ৰায় দুটা দশকৰ পূৰ্বে অঞ্জুৱে কেৱল ৫ টকাৰে আৰম্ভ কৰিছিল আচাৰৰ ব্যৱসায়। সেয়াই আৰম্ভণি। নিজ অধ্যৱসায়ৰ জৰিয়তে অঞ্জু বৰা বৰ্তমান এগৰাকী সফল ব্যৱসায়ী। আচাৰৰ লগতে চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ বাবে উলিয়াই দিছে অঞ্জু বৰাই।

"শেহতীয়াকৈ মই মোৰ ব্যৱসায় আগবঢ়াই নিয়াত চৰকাৰী বিভাগসমূহৰো সহায় লাভ কৰিছোঁ। মই গোটেই বছৰটোৰ বাবে প্ৰস্তুত কৰিব লগা সামগ্ৰীসমূহৰ বাবে প্ৰয়োজনীয় মূল উপাদানসমূহ গোটাই লওঁ। বহু চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰা এই ব্যৱসায়ে আজি এটা গতি লাভ কৰিছে। মই ব্যৱসায়ত নতুন সামগ্ৰীও অন্তৰ্ভুক্ত কৰিছোঁ।"- অঞ্জু বৰাই এনেদৰে কয়।



নিজৰ কষ্ট, একাগ্রতা আৰু অধ্যৱসায়ৰ ফলত আজি অঞ্জু বৰাই লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অঞ্জুৱে ৫ টকাৰে আৰম্ভ কৰা ক্ষুদ্ৰ এই আচাৰৰ ব্যৱসায় বৰ্তমান অঞ্জু এন্টাৰপ্রাইজৰ নাম এক বটবৃক্ষত পৰিণত হৈছে। প্ৰতিবছৰেই অঞ্জুৱে এই ব্যৱসায়ৰ পৰা কেইবালাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।  অঞ্জু বৰাৰ এই আচাৰৰ ব্যৱসায়ত হাতত হাত ধৰি আগবঢ়াই নিছে তেওঁৰ দুই কন্যাই। বৰ্তমান তেওঁ দুই কন্যাৰ সৈতে লগ লাগি পেপাৰ প্লেট নিৰ্মাণৰ ব্যৱসায়ো আৰম্ভ কৰিছে।

৫ টকাৰে ব্যৱসায় আৰম্ভ কৰি প্ৰতিটো ঘাত-প্ৰতিঘাত ওফৰাই ব্যৱসায়ৰ ক্ষেত্ৰখনত আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা অঞ্জু বৰা আন বহুতৰে বাবে হ'ব পাৰে সাহস তথা উদ্যমৰ উৎস। এনে এগৰাকী নাৰীৰ কৰ্মক আমাৰ তৰফৰ পৰা জনাইছোঁ চেল্যুট।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি