মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: ইতিহাস হ'ব ইউৰোপীয়ান আৰ্হিৰ সুবৃহৎ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়

Jorhat News: ইতিহাস হ'ব ইউৰোপীয়ান আৰ্হিৰ সুবৃহৎ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়

109 years old Jorhat DC office building

109 years old Jorhat DC office building

বহু ঐতিহ্য বহন কৰা যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় অত্যন্ত অপৰিকল্পিত ভাৱে চিনামৰাত থকা উজনি অসমৰ আয়ুক্তৰ কাৰ্যালয়লৈ স্থানান্তৰৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ । হয়তো জুন মাহৰ ভিতৰতে নিয়া হ'ব এই ভৱনটোৰ সকলো বিভাগ । 

  • Share this:
 যোৰহাট, ২৬ মে': ১৯০৮ চনত আৰম্ভ হোৱা যোৰহাটৰ এই উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ১৯১৪ চনত । সেই সময়ৰ পেটেণ্ট ষ্টল কোম্পানীয়ে নিৰ্মাণ কৰি উলিওৱা বৃহৎ ৰঙা ভৱনটো ১০৯ বছৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় আৰু কিছুদিন আদালত হিচাপে ব্যৱহাৰ হৈ আছিল । কিন্তু অচিৰেই ইতিহাসত পৰিণত হ'ব এই উপায়ুক্ত কাৰ্যলয়।

বহু ঐতিহ্য বহন কৰা যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় অত্যন্ত অপৰিকল্পিতভাৱে চিনামৰাত থকা উজনি অসমৰ আয়ুক্তৰ কাৰ্যালয়লৈ স্থানান্তৰৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ। হয়তো জুন মাহৰ ভিতৰতে নিয়া হ'ব এই ভৱনটোৰ সকলো বিভাগ। আগন্তুক ১৫ আগষ্টত এই ঐতিহাসিক ভৱনটো ঘোষণা কৰা হ'ব সংগ্ৰহালয় হিচাপে। উল্লেখ‍্য যে যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে ৫০ কোটি টকীয়া ব্যয়েৰে এটি সংহত ভৱন নিৰ্মাণৰ কথা ঘোষণা কৰিছিল।

তাৰ বাবে ইতিমধ্যে চহৰখনৰ পৰা ৬ কিলোমিটাৰ নিলগত চিনামৰাত ৫৩ বিঘা ভুমি অধিগ্ৰহণ কৰা হৈছে। ইয়াৰে ৪৩ বিঘা ভূমি অসম চাহ নিগমৰ চিনামৰা চাহ বাগিচাৰ আৰু ১০বিঘা ভুমি উজনি অসম আয়ুক্ত কাৰ্যালয়ৰ। কিন্তু হঠাতে চহৰখনৰ মাজৰ পৰা উপায়ুক্ত কাৰ্যালয়টো উজনি অসম আয়ুক্ত কাৰ্যালয়লৈ স্থানান্তৰ কৰাৰ ফলত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব।

আনহাতে বৰ্তমান উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১১০গৰাকী। উপায়ুক্ত কাৰ্যালয়ত আছে সাধাৰণ প্ৰশাসন, নজৰৎ শাখা, ৰাজহ আৰু ভূমি অধিগ্ৰহণ আদি চাৰিটাকৈ বিভাগ। আনহাতে যোৰহাট উকীল সন্থাৰ সভাপতিগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি বৰ্তমান চিনামৰাৰ যিখিনি ঠাইত উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰা হ'ব, সেই ঠাইখিনিত কেৱল ইটা, বালি আদি সামগ্ৰীহে পেলাই থোৱা হৈছে। কোনো ধৰণৰ নিৰ্মাণকাৰ্য চলি থকা নাই সেই ঠাইত।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি