যোৰহাট, ১৫ মাৰ্চ: যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য হৈছে অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল । ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয় । ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল ।
পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ-বৈচিত্ৰ্যও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়।
ইয়াত পোৱা ওখ গছৰ ভিতৰত অসমৰ জাতীয় বৃক্ষ "হোলোং" গছ অন্যতম আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ গছ বেছিকৈ পোৱা যায়। কিন্তু চোৰাংকৈ গছ কটা, মানুহৰ বসতি স্থাপন আদিয়ে অৰণ্যখনলৈ বিপদ মাতি আনিছে। ১৮৮১ চনৰ ২৭ আগষ্টত স্বীকৃতি প্ৰদান কৰা অসমৰ যোৰহাট জিলাৰ এসময়ৰ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰ অংশৰ পৰাই হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সৃষ্টি হয়।
ইয়াত বেছিকৈ পোৱা "হোলোং'' গছৰ পৰা এই নামটোৰ উদ্ভৱ হয়। অঞ্চলটো ভিন ভিন চিৰসেউজ বৃক্ষসমূহৰ লগতে "বিজুলী" বাঁহগছেৰে ভৰি আছে। ভাৰতত পোৱা একমাত্ৰ "এপ" হলৌ বান্দৰৰ নামেৰে এই নাম দিয়া হৈছিল। কোনো গিবনৰ নামেৰে নাম দিয়া এইখন ভাৰতৰ একমাত্ৰ অভয়াৰণ্য।
ইয়াত পোৱা আন আন প্ৰাইমেটবোৰ হৈছে সেন্দূৰী বান্দৰ, northern pig-tailed macaque, অসমীয়া বান্দৰ, মলুৱা বান্দৰ আৰু capped langur । অভয়াৰণ্যখনত ভাৰতীয় হাতী, বাঘ, নাহৰফুটুকী বাঘ, বনমেকুৰী, বনৰীয়া গাহৰি, তিনিপ্ৰকাৰৰ civet, চাৰিপ্ৰকাৰৰ কেৰ্কেটুৱা আৰু আন কেইবাপ্ৰকাৰৰ স্তন্যপায়ী জন্তু পোৱা যায়।
অভয়াৰণ্যখনত অতি কমেও ২১৯ প্ৰকাৰৰ চৰাই আৰু কেইবাপ্ৰকাৰৰ সাপ পোৱা যায়। কিন্তু জীৱ-বৈচিত্ৰ্য তথা নানা প্ৰকাৰৰ উদ্ভিদৰ বসতিস্থল, হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ।
এক বৃহৎ অঞ্চল সাঙুৰি লোৱা এই অভয়াৰণ্যৰ দাঁতিত বাস কৰিবলৈ লোৱা লোকসকলৰ বাবে কিছু আশংকাই দেখা দিছে। আনহাতে এক বৃহৎ অঞ্চল হোৱাৰ বাবে চোৰাংকৈ গছ কটা কাৰ্যও যথেষ্ট বৃদ্ধি পাইছে। এইক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আশাবাদী প্ৰকৃতিপ্ৰেমীসকল।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 21:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।