চৰকাৰে পৌৰ কৰৰ অতিৰিক্ত বোজা জাপি দিবলৈ বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত টীয়ক পৌৰসভা এলেকাৰ বাসিন্দাসকলৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম লেহেমীয়া হোৱাৰ অজুহাতত টীয়ক পৌৰ এলেকাত উন্নয়ন সাধন কৰিব পৰা হোৱা নাই বুলি পালমৰা উত্তৰ দি থকা টীয়ক পৌৰসভাই ১ এপ্ৰিলৰ পৰা অতিৰিক্ত পৌৰ কৰ সংগ্ৰহ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত সেয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পৌৰ এলেকাৰ বাসিন্দাসকলৰ বাবে ন্যূনতম সুবিধা প্ৰদান কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন টীয়ক পৌৰসভাৰ বিৰুদ্ধে সেয়ে এতিয়া ক্ষোভৰ সৃষ্টি হৈছে।
লক্ষ্যনীয় এই যে পৌৰ এলেকাৰ নাগৰিকক ন্যূনতম সুবিধাকনকে প্ৰদান কৰিব নোৱৰাৰ বাবে পৌৰ কৰ পৰিশোধ কৰিব পৰা নহ’ব বুলি টীয়ক পৌৰ এলেকাৰ এজন ব্যক্তিয়ে নগৰ পৰিকল্পনা বিভাগৰ সঞ্চালকক পত্ৰ প্ৰদান কৰিছিল।
পত্ৰখনত টীয়ক পৌৰসভাৰ চূড়ান্ত ব্যৰ্থতাৰ ছবিখন দাঙি ধৰিছিল। ইপিনে টীয়ক পৌৰসভাৰ পৌৰপতিগৰাকীৰ ভাষ্য সুকীয়া। প্ৰথমে কৰ সংগ্ৰহ তাৰ পাছতহে হেনো উন্নয়ন। কৰৰ সংগৃহীত ধনৰেহে উন্নয়ন সাধন কৰিব পাৰিব বোলে পৌৰসভাই।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 16, 2023, 14:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।